কলিয়াবৰৰ পৰা মুনিলাল গুপ্তাঃ বিগত ৪০ বছৰ ধৰি কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই আয়োজন কৰি অহা ৰঙালী বিহু উৎসৱৰ এইবাৰ ব্যতিক্ৰমী ৰূপ দেখা গৈছে। তিনি বছৰৰ ভিতৰৰ বহু শিশুৱে বিহু নাচৰ লগতে ঢোল বজাই অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গ’ল অনুষ্ঠানত। কলিয়াবৰ কেন্দ্ৰীয় ছাত্র সন্থাই ৫০০ কণ কণ শিশুৰে বিহু কৰ্মশালা অনুষ্ঠিত কৰে৷ হুঁচৰিৰে অনুষ্ঠান আৰম্ভ কৰে ঢেকীয়াজুলিৰ ৰূপজ্যোতি আঞ্চলিক বিহুৱা দল, তেজপুৰৰ সুৰুযময় বিহুৱা দল, ৰৌতাৰ অসমী বিহুৱা দল, কলিয়াবৰৰ ফ্ৰেণ্ডশ্বিপ ক্লাৱ বিহুৱা দল আৰু অসমৰ জনপ্ৰিয় কণ্ঠ শিল্পী জিনা ৰাজকুমাৰীৰ লোকবাদ্য আৰু জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শনেৰে। অনুষ্ঠানত উপস্থিত থাকে কলিয়াবৰৰ মহকুমাধীপতি প্ৰবিত্ৰ কুমাৰ দাস, নিৰ্বাচনী বিষয়া ড০ ভূপালী কাশ্যাপ, সাংবাদিক প্ৰাণজিৎ শইকীয়া, অসম গণ পৰিষদৰ নগাঁও জিলাৰ সভাপতি মণিমাধৱ মহন্ত। বিহু অনুষ্ঠানৰ সৈতে সংগতি ৰাখি বিশিষ্ট সত্ৰীয়া-সংস্কৃতি শিল্পী ধ্ৰুৱ বৰা, বিশিষ্ট কৃষক প্ৰদীপ শইকীয়া, বিশিষ্ট সাংবাদিক তপন শইকীয়া আৰু হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ উদীয়মান উদ্যোগী শিল্প অলিস্মিতা শইকীয়াক সম্বৰ্ধনা জনাই। কেইবাহাজাৰো দৰ্শকে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাইৰ ৰঙালী বিহু উপভোগ কৰে৷