ডিজিটেল ডেস্কঃ দুয়ো সদনৰ বৰ্ষাকালীন অধিবেশনৰ প্ৰশ্নকাল বাতিল কৰাত উভতি ধৰিছে কংগ্ৰেছে৷ বিৰোধী কংগ্ৰেছ দলে আক্ৰমণ কৰি প্ৰশ্নকাল আৰু শূন্য কাল দুয়োটাই থাকিব লাগে বুলি কয়৷ কংগ্ৰেছ নেতা শশী থৰুৰৰ পিছতে এইবাৰ লোকসভাৰ কংগ্ৰেছৰ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে প্ৰশ্নকাল আৰু শূন্যকাল দুয়ো থাকিব লাগে বুলি মত পোষণ কৰিছে৷
এই সন্দৰ্ভত জৰুৰী ব্যৱস্থা কৰিব লাগে বুলি দাবী কৰি কংগ্ৰেছে৷ সদনৰ পৰা ক’ৰোনা মহামাৰীৰ বিশেষ পৰিস্থিতিক লক্ষ্য কৰি প্ৰশ্ন কাল বাতিল কৰা হৈছে৷ চৰকাৰে প্ৰশ্নকালত মন্ত্ৰীসকলক উত্তৰৰ তথ্য দিবলৈ চৰকাৰী বিভাগসমূহৰ বৃহৎ সংখ্যাক আমোলা উপস্থিত থাকিব লগা হয় বুলি কৈ সেয়েহে ক’ৰোনাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ আশংকা কৰি প্ৰশ্নকাল বাতিল কৰা বুলি কয়৷
ক’ৰোনা ভাইৰাছৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি লোকসভা-ৰাজ্যসভাৰ বৰ্ষাকালীন অধিবেশনৰ কাৰ্যব্যৱস্থাৰ ব্যাপক সাল-সলনি কৰা হৈছে৷ জানিব পৰা মতে, দুয়ো সদনৰ বৰ্ষাকালীন অধিবেশনৰ প্ৰশ্নকাল নথাকিব৷ কিন্তু শূন্য কাল থাকিব৷ অহা ১৪ চেপ্তেম্বৰৰ পৰা সংসদৰ অধিবেশন অনুষ্ঠিত হ’ব৷
লোকসভাৰ অধিবেশন প্ৰথম দিনা পুৱা ৯ বজাৰ পৰা ১ বজালৈ অনুষ্ঠিত হ’ব৷ তাৰ পিছতে দুপৰীয়া তিনিবজাৰ পৰা সন্ধিয়া ৭ বজালৈ অনুষ্ঠিত হ’ব৷ প্ৰাইভেট মেম্বৰ বিজনেছ নাথাকিব৷ ৰাজ্যসভাৰ প্ৰথন দিনটোত সন্ধিয়া ৭ বজালৈ বৈঠক বহিব বাকী দিনকেইটাত পুৱা ৯ বজাৰ পৰা দিনৰ ১ বজালৈহে বহিব৷ শনিবাৰ আৰু দেওবাৰেও বৈঠক অনুষ্ঠিত হ’ব৷ ১৪ চেপ্তেম্বৰৰ পৰা মুঠ ১৮ বৈঠক অনুষ্ঠিত হ’ব৷