আজি পবিত্ৰ বুদ্ধ পূৰ্ণিমা উপলক্ষে পুৱাই কিছু ঘণ্টাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চুবুৰীয়া দেশ নেপালত উপস্থিত হয়৷ বৈশাখ বুদ্ধ পূৰ্ণিমা উপলক্ষে নেপালৰ লুম্বিনীত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পূজা-অৰ্চনা কৰে। নেপালৰ প্ৰধানমন্ত্ৰীয়ে লুম্বিনীত নেপালৰ প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেউবাই আদৰণি জনোৱাৰ লগতে লুম্বিনীৰ মায়া দেৱীৰ মন্দিৰত পূজা অৰ্চনা আগবঢ়ায়। উত্তৰ প্ৰদেশৰ নেপাল সীমান্তৱৰ্তী কুশীনগৰ আন্তজাৰ্তিক বিমানবন্দৰত উপস্থিত হৈ লুম্বিনীলৈ যাত্ৰা কৰে। নেপাল চৰকাৰৰ তত্বাৱধানত লুম্বিনী বিকাশ ন্যাসে আয়োজন কৰা বুদ্ধ জয়ন্তী অনুষ্ঠানত ভাষণ দি মোদীয়ে দুয়ো দেশৰ সম্পৰ্ক মানৱ হিতৰ বাবে বুলি কয়৷ মোদীয়ে চুবুৰীয়া প্ৰথম, নীতিৰ অধাৰত ভাৰত আৰু নেপালৰ মাজত নিয়মীয়া উচ্চ পৰ্যায়ৰ আলোচনাৰ পৰম্পৰা অব্যাহত ৰাখিব বুলি কোৱাৰ লগতে মোদীয়ে নেপালৰ প্ৰধানমন্ত্ৰী দেউবাৰ সৈতে দ্বিপাক্ষিক আলোচনাতো মিলিত হয়। ভাৰত আৰু নেপালে ৬ খন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে। ভাৰতীয় সাংস্কৃতিক সম্পৰ্ক পৰিষদে লুম্বিনি বুদ্ধিষ্ট ইউনিভাৰ্ছিটি আৰু কাঠমাণ্ডু বিশ্ববিদ্যালয়ৰ সৈতে ২ খন চুক্তি স্বাক্ষৰ কৰিছে। মোদীয়ে লুম্বিনী মঠ এলেকাত নিৰ্মাণ হ’বলগীয়া বৌদ্ধ সংস্কৃতি-ঐতিহ্য কেন্দ্ৰৰ আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। কুশীনগৰৰ মহাপৰিনিৰ্বাণ স্তূপত প্ৰাৰ্থনা কৰে মোদীয়ে৷ চৰকাৰে কুশীনগৰৰ আন্তঃগাঁথনি উন্নত কৰিবৰ বাবে প্ৰচেষ্টা চলাই আছে যাতে অধিক পৰ্যটক আৰু তীৰ্থযাত্ৰী ইয়ালৈ আহিব পাৰে। বৌদ্ধ সংস্কৃতি-ঐতিহ্য কেন্দ্ৰৰ ভাৰত চৰকাৰৰ সংস্কৃতিক মন্ত্ৰ্যালয়ৰ বিত্তীয় সাহায্যত আন্তজাৰ্তিক বৌদ্ধ সংস্থা আৰু লুম্বিনী বিকাশ ন্যাসে নিৰ্মাণ কৰিছে। নৰেন্দ্ৰ মোদীৰ ২০১৪ চনৰ পিছত পঞ্চম নেপাল ভ্ৰমণ। প্ৰথমবাৰৰ বাবে লুম্বিনীলৈ যায় মোদীয়ে৷