বঙাইগাঁওঃ বঙাইগাঁও জিলাৰ ঢালিগাঁও পঞ্চায়তত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ চৰকাৰী আঁচনিৰ ধন পঞ্চায়তখনত ব্যাপক হাৰত লুণ্ঠন কৰা বুলি অভিযোগ উত্থাপন হৈ আহিছে৷ আঁচনি ৰূপায়নত চৰকাৰী ধনৰ অপব্যৱহাৰ হোৱাৰ অভিযোগ উত্থাপন হৈ অহাৰ সময়তে এইবাৰ দেৱাল নিৰ্মাণত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে৷
বঙাইগাঁও জিলা পৰিষদৰ অধীনৰ ডাংতল খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ে নিৰ্মাণ কৰা পকী দেৱাল খহি পৰাত দুৰ্নীতি কিমানলৈ শিপাইছে তাৰেই ছবিখন স্পষ্ট হৈছে বুলি ৰাইজে অভিযোগ তুলিছে৷ চতুৰ্দশ বিত্তীয় আয়োগৰ ধনেৰে নিৰ্মাণ কৰা ড্ৰেইনৰ কাম সম্পূৰ্ণ হৈছিল মাথো ১৫ দিন পূৰ্বে৷ ১৫ দিন পূৰ্বে নিৰ্মাণ কৰা দেৱাল খহি পৰে৷ নিম্নমানৰ সামগ্ৰীৰে দেৱাল নিৰ্মাণ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ৷ নিম্নমানৰ বালি, চিমেণ্টা, ইটা ব্যৱহাৰ কৰি কৰাৰ ফলত এনেদৰে পকী দেৱাল খহি পৰাৰ অভিযোগ স্থানীয় ৰাইজৰ৷
ঢালিগাঁও গাঁও পঞ্চায়তৰ ১ নং ৱাৰ্ডৰ চুঙাপোটাত নিৰ্মাণ কৰা ড্ৰেইনৰ দেৱাল খহি পৰে৷ কেইবা লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা ড্ৰেইনৰ দেৱাল খহি পৰাৰ দৰে ঘটনা সংঘটিত হৈছে৷ পঞ্চায়তখনৰ প্ৰতিনিধি, সচিব আৰু কনিষ্ঠ অভিযন্তাই মিলি এফালৰ পৰা লুণ্ঠৰাজ চলাই গৈছে৷ পঞ্চায়তৰ সচিবগৰাকীৰ নেতৃত্বত অবাধ হাৰত দুৰ্নীতি, কেলেংকাৰী হোৱাৰ অভিযোগ৷ প্ৰতিটো চৰকাৰী আঁচনিৰ ৰূপায়নৰ নামত লুণ্ঠন আব্যাহত আছে পঞ্চায়তত৷
নিম্নমানৰ কাম কৰি চৰকাৰী আঁচনিৰ সফল ৰূপায়ন হোৱা দেখুৱাই কেৱল একাংশ নেতা, পালিনেতা তথা নিৰ্বাচিত প্ৰতিনিধি আৰু পঞ্চায়তৰ, কনিষ্ঠ অভিযন্তা, সচিবে লুণ্ঠন অব্যাহত ৰাখিছে জিলাখনত৷ বঙাইগাঁও জিলাত খণ্ড উন্নয়ন বিষয়া, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াই লুণ্ঠন-কমিচনৰ বজাৰ বহুওৱা বুলি ৰাইজে কয়৷