বোকাজানঃ প্ৰতি বছৰৰ দৰে এইবাৰো অসমত বানে বহু ক্ষতি সাধন কৰিছে। বহুতো ঠাইত বহু লোক গৃহহাৰা হোৱাৰ লগতে দৈন্দদিন জীৱনৰ প্ৰয়োজনীয় সামগ্ৰী সমূহৰ পৰাও বঞ্চিত হ’ব লগা হৈছে। সেয়েহে মহাৰাষ্ট্ৰৰ পুনেত অৱস্থিত “লুইত, দ্য আচামীছ ছ’চাইটি ইন পুনে” নামৰ সংগঠনটোৱে তেওঁলোকৰ ছ’চিয়েল মেডিয়াৰ মাধ্যমেৰে প্ৰচাৰ কৰি পুনেত বসবাস কৰা অসমীয়া লোকসকলৰ পৰা বৰঙণি তুলি এটা বান সাহায্য পুঁজি তৈয়াৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে বিগত জুলাই মাহতে। বহু লোকে নিজৰ সুবিধা অনুযায়ী বৰঙণি আগবঢ়ায়। লুইত সংগঠনটোৱে এনেদৰে মুঠ ৭২,৪০০ টকা জমা কৰে অসমৰ বানপীড়িত লোকৰ সাহায্যৰ কাৰণে।
সংগঠনটোৱে গুৱাহাটীৰ এটা স্বেচ্ছাসেৱী প্ৰতিষ্ঠান ‘ৰাধা বালা ফাউনডেশ্চন’ৰ লগত যোগাযোগ তথা সহযোগেৰে সংগ্ৰহীত টকাখিনি উক্ত স্বেচ্ছাসেৱী প্ৰতিষ্ঠানটোলৈ প্ৰেৰণ কৰে। উক্ত প্ৰতিষ্ঠানটোৱে যোৱা দেওবাৰে মৰিগাঁও জিলাৰ অন্তৰ্গত বানপীড়িত অঞ্চল ভুৰাগাঁও আৰু মায়ঙলৈ গৈ মুঠ ১৮০ পৰিয়ালক সাহায্য আগবঢ়ায়।
দুয়োখন ঠাইৰ বানপীড়িত অঞ্চল সমুহৰ দুৰ্গম ঠাইলৈ প্ৰতিষ্ঠানটোৰ সদস্যসকলে নাঁও লৈ গৈ যোগান ধৰা প্ৰতিটো সামগ্ৰীৰ টোপোলাত চাউল, দাইল, মিঠাতেল, আলু, নিমখ, বিস্কুট, চাবোন, চিৰা আদিৰ লগতে মহিলা সকলৰ বাবে চেনিটাৰী পেড ইত্যাদি আছিল বুলি প্ৰতিষ্ঠানটোৰ নেতৃত্বই জনিবলৈ দিয়ে।
লুইত, দ্য আচামীছ ছ’চাইটি ইন পুনে নামৰ সংগঠনটোৰ সহকাৰী সাধাৰণ সম্পাদক বিদ্যুত শইকীয়াই উক্ত বান সাহায্য পুঁজিটোৰ বাবে বৰঙণি আগবঢ়োৱা সকলো পুনেবাসী অসমীয়া ৰাইজক ধন্যবাদ জনোৱাৰ লগতে ‘ৰাধা বালা ফাউনডেশ্বন’ৰ প্ৰৱন্ধক তথা পৰিচালক নিতিশ কলিতা আৰু তেওঁৰ সহকৰ্মী সকলক ধন্যবাদ জ্ঞাপন কৰে এই বান সাহায্য অনুষ্ঠানটো সফল কৰাৰ কাৰণে।