টীয়কঃ সৰুপথাৰ বিধানসভা সমষ্টিৰ প্ৰেমহৰা পঞ্চায়তৰ বৰবালিৰ এগৰাকী মহিলা। নাম জ্যোতি বড়ো। এই মহিলাগৰাকীৰ লীডাৰ হ’বলৈ বৰ মন। কেৱল লীডাৰ হোৱাই নহয়, বহু কিবাকিবি উদ্বোধন কৰিবলৈও মন তেওঁৰ।
কোনো দলত নাথাকিলেও বিজেপি দললৈ দৰদ জ্যোতি বড়োৰ। সেয়ে চৰকাৰী আঁচনিসমূহত নিজৰ নাম সন্নিবিষ্ট কৰি ৰাইজৰ বাঃ বাঃ ল’বলৈ বৰ ভাল পায় তেওঁ। ৰাইজক নিজকে নেত্ৰী হিচাপে দেখুৱাবলৈ হ’লে কিবাকিবি উদ্বোধন কৰিব লাগিব। পিছে চৰকাৰী আঁচনিৰ সকলোবোৰ বিধায়ক নতুবা আন কোনো চৰকাৰী বিষয়াই উদ্বোধন কৰে। সেয়ে এইগৰাকী লীডাৰ হোৱাৰ হাবিয়াস থকা জ্যোতি বড়োৱে অঞ্চলটোত ফলক উদ্বোধন কৰিবলৈ আৰম্ভ কৰে।
ৰাজহুৱা ভৱন আৰু চৰকাৰী ৰাস্তা সৰুপথাৰ সমষ্টিৰ কংগ্ৰেছ বিধায়িকা ৰ’জলীনা তীৰ্কিয়ে উদ্বোধন কৰি থৈ যোৱাৰ পিছত পুনৰ জ্যোতি বড়োৱে তাত নিজৰ নাম সন্নিবিষ্ট কৰাৰ লগতে উক্ত ফলকত আঁচনিখন বিজেপিৰ আঁচনি বুলিও লিখি দিয়ে। এনেদৰে জ্যোতি বড়োৰ ফলক উদ্বোধন দিনে দিনে বাঢ়িবলৈ লোৱাত দেওবাৰে বৰবালিৰ ৰাইজে মিলি কেবাখনো ফলক কুঠাৰেৰ ভাঙি পেলোৱাৰ লগতে অনাগত দিনত তেনে কাৰ্য নকৰিবলৈ সকীয়াই দিয়ে।
উল্লেখ্য যে বিজেপি দলত কোনো বিষয়বাবত নথকা জ্যোতি বড়োৱে নিজকে অসম বড়ো কছাৰী জাতীয় পৰিষদৰ সভানেত্ৰী হিচাপে চিনাকি দি আহিছে। কিন্তু স্থানীয় ৰাইজে উক্ত সংগঠনটোত তেওঁ বিষয়বাব আছে নে নাই তাক লৈয়ো সন্দেহ প্ৰকাশ কৰিছে।