লাহৰীঘাটঃ লাহৰীঘাটৰ দক্ষিণ চেনিমাৰীত সংঘটিত ভংয়কৰ অগ্নিকাণ্ডত গৃহৰ লগতে কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত হয়৷ অগ্নিকাণ্ডত ৫টাকৈ বাসগৃহ সম্পূৰ্ণ ৰূপে ভস্মীভূত হয়। পুৱা ৮বজাত আফিৰ উদ্দিন, জাফিৰ উদ্দিন, ছহুৰ উদ্দিন, বাহাৰ উদ্দিন আৰু হামিদা খাতুৰ বাসগৃহ সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত গৃহ, সা-সম্পত্তি সম্পূৰ্ণ ৰূপে জাঁহ যায়। অগ্নিকাণ্ডত বাসগৃহ কেইটাৰ লগতে গুৰুত্বপূৰ্ণ নথি পত্ৰৰ লগতে প্ৰায় ১৫ লক্ষাধিক টকাৰ সা-সামগ্ৰী জুইত ভস্মীভূত হয়। বহু পলমকৈ ৩খনকৈ অগ্নিনিৰ্বাহক বাহিনীৰ গাড়ী আহি জুই নুমুৱাবলৈ সক্ষম হয়। অগ্নিকাণ্ডৰ সূত্ৰপাত শ্বৰ্ট চাৰ্কিটৰ পৰা হোৱা বুলি স্থানীয় ৰাইজৰ সন্দেহ কৰিছে।