লাহৰিঘাটঃ লাহৰিঘাটত প্ৰেমিকাই প্ৰেমিকক হত্যা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্ৰেমিকক হত্যা কৰি এখন দলঙৰ পৰা খাৱৈত মৃতদেহ দলিয়াই দিয়ে প্ৰেমিকাই৷ আৰক্ষীৰ জেৰাত প্ৰেমিকাই হত্যাৰ কথা স্বীকাৰ কৰাৰ পিছতে SDRF বাহিনীয়ে মৃতদেহ উদ্ধাৰৰ বাবে অব্যাহত ৰাখিছে অভিযান৷ প্ৰেমিক ফাইজুৰ ৰহমান ওৰফে ৰাব্বুলৰ মৃতদেহ বৰ্তমানেও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই৷ বৰছলা মহাবিদ্যালয়ৰ ছাত্ৰ তথা লাহৰিঘাটৰ দেৱাগুৰীৰ ফাইজুৰ ৰহমান ওৰফে ৰাব্বুলৰ স্থানীয় এগৰাকী যুৱতীৰ সৈতে আছিল প্ৰেমৰ সম্পৰ্ক৷ ২৬ ফেব্ৰুৱাৰীত কলেজলৈ যাম বুলি কৈ ঘৰৰ পৰা ওলাই যায় ৰাব্বুল৷ কিন্তু ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা ফাইজুৰ ৰহমান ওৰফে ৰাব্বুলৰ মোবাইল অফ থাকে। সময় যোৱাৰ লগে লগে পৰিয়ালৰ লোকৰ মাজত চিন্তা বৃদ্ধি পায়। পৰিয়ালৰ লোকে প্ৰেমজনিত কাৰণত নিৰুদ্দেশ হোৱাৰ সন্দেহ প্ৰকাশ কৰি লাহৰিঘাট আৰক্ষী থানত এক গোচৰ ৰুজু কৰে৷ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে প্ৰেমিকাৰ লগতে আন কেইজনমান লোকক আটক কৰি জেৰা কৰে। আৰক্ষীৰ জেৰাত পোহৰলৈ আহে প্ৰকৃত ঘটনা। প্ৰেমিকাৰ লগতে আন কেইজনমান লোক প্ৰেমিক ৰাব্বুলক হত্যা কৰি দলঙৰ তলত পেলাই থৈ যায় মৃতদেহ। SDRF বাহিনীয়ে মৃতদেহ উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে যদিও এতিয়ালৈ উদ্ধাৰ কৰিব পৰা নাই মৃতদেহ।