ডিজিটেল ডেস্কঃ লাদাখৰ গলৱান ঘাটিত চীন আৰু ভাৰতৰ সেনাৰ মাজত হিংসাত্মক সংঘৰ্ষত ভাৰতৰ ২০গৰাকী সেনা জোৱান শ্বহীদ হোৱাৰ লগতে চীনৰ প্ৰায় ৪০ জন সেনা নিহত-আহত হোৱাৰ খবৰ প্ৰচাৰ হৈছিল৷ ১৫-১৬ জুনত সংঘটিত হিংসাত্মক কাণ্ডৰ পিছতে দুয়োদেশৰ মাজৰ সম্পৰ্ক আজিও উত্তেজনা পূৰ্ণ হৈয়ে আছে৷ এই ঘটনা সংঘটিত হোৱাৰ প্ৰায় আঢ়ৈমাহ পাৰ হৈ যোৱাৰ পিছত চীনৰ ভাৰতস্থিত ৰাষ্ট্ৰদূতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই ঘটনা দুৰ্ভাগ্যজনক আছিল বুলি কয়৷
চীনৰ ৰাষ্ট্ৰদূত চুন বেইদঙে এই ঘটনা দুৰ্ভাগ্যজনক ঘটনা বুলি কয়৷ চীনৰ ৰাষ্ট্ৰদূতে কয় যে এই টনা ইতিহাসৰ দৃষ্টিৰে চালে এই ঘটনা বিশেষ গুৰুত্বপূৰ্ণ নহ’ব৷ চীন-ভাৰতৰ যুৱ ওৱেবিনাৰ্চত সম্বোধন কৰি কয় যে কিছু সময় পূৰ্বে সীমান্তত দুৰ্ভাগ্যপূৰ্ণ ঘটনা সংঘটিত হৈছে৷ এনে পৰিস্থিতি ভাৰত আৰু চীনে প্ৰত্যক্ষ কৰিব নোখোজে৷ আমি এতিয়া ইয়াক চম্ভালিবলৈ চেষ্টা কৰি আছো৷ ভাৰত আৰু চীনৰ মাজ ৭০ বছৰ পূৰ্বে কূটনৈতিক সম্বন্ধৰ স্থাপন হৈছিল৷ দুয়োদেশে দ্বিপাক্ষিক পৰীক্ষাও দিছে৷ যাৰ দ্বাৰা সম্পৰ্ক অধিক মজবুত হৈছে৷ যি কোনো সময়ত কোনো এটা বিষয়ত বেয়া হ’ব নালাগে৷ এই নতুন শতিকাত দুয়ো দেশৰ সম্বন্ধ পিছুৱাই যোৱাৰ পৰিৱৰ্তে আগুৱাইহে গৈ থাকিব লাগে৷