ডিজিটেল ডেস্কঃ ভাৰত-চীন সীমান্তৰ লাডাখৰ গলৱান ঘাটিত ১৫ জুনৰ পৰা আৰম্ভ হোৱা উত্তপ্ত পৰিস্থিতিৰ মাজতে ১৬ জুনৰ নিশা চীন আৰু ভাৰতৰ সেনাৰ মাজত সংঘৰ্ষ লাগে।
এই সংঘৰ্ষত ভাৰতৰ ২০গৰাকী সেনা জোৱান শ্বহীদ হোৱাৰ লগতে চীনৰ কমেও ৪৩গৰাকী সেনা আহত-নিহত হৈছে বুলি সংবাদমাধ্যমত প্ৰকাশ পাইছে।
সীমান্তৰ উত্তপ্ত পৰিস্থিতিৰ মাজতে ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ আৰু চীনৰ বিদেশ মন্ত্ৰী বিদেশ মন্ত্ৰী ৱাং-ইৰ মাজত টেলিফোনিক বাৰ্তালাপ হয়। দুয়ো বৈদিশেক মন্ত্ৰীৰ মাজত লাডাখৰ গালৱান ঘাটিৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত আলোচনা হয় বুলি জানিব পৰা গৈছে।