লখিমপুৰঃ লখিমপুৰ জিলাৰ পশ্চিম কৰতিপাৰ গাৱঁৰ ১৫ বছৰীয়া এজন ছাত্ৰ নিৰুদ্দেশ হৈ আছে। নিৰুদ্দেশ হোৱা ছাত্ৰ জনৰ নাম দুল্লভ কলিতা। লখিমপুৰ জিলাৰ পশ্চিম কৰতিপাৰ গাৱঁৰ বসন্ত কলিতা পুত্ৰ দুল্লভ কলিতা যোৱা ৬ তাৰিখৰ পৰা নিৰুদ্দেশ হৈ আছে। ছাত্ৰজনক বিচাৰি হাবাথুৰি খাইছে পিতৃ-মাতৃয়ে। পিতৃ-মাতৃৰ কাতৰ অনুৰোধ কোনো সদাশয় ব্যক্তিয়ে দুল্লভ কলিতাৰ সন্ধান পালে পানীগাঁও আৰক্ষী থানাত খবৰ দিবলৈ কাতৰ অনুৰোধ জনাইছে। জানিব পৰা অনুসৰি যোৱা ৬ মাৰ্চত দুল্লভ কলিতাই আবেলি ঘৰৰ পৰা ওলাই গৈছিল।