লখিমপুৰঃ বিগত বৰ্ষৰ নৱেম্বৰ মাহৰ পৰা হৃদ ৰোগত আক্ৰান্ত হৈ অস্ত্ৰোপচাৰ কৰা হৈছিল গুৱাহাটীত সাংবাদিক সুব্ৰত কাকতিৰ। কালি চেকআপৰ বাবে গুৱাহাটী লৈ নিয়া হৈছিল সাংবাদিকগৰাকীক। আজি পুৱাই গুৱাহাটী পল্টন বজাৰ ৰে’ল ষ্টেচনত হঠাৎ অসুস্থ হৈ পৰে সাংবাদিকগৰাকী। ততাতৈয়াকৈ সাংবাদিক কাকতিক নেমকেয়াৰ চিকিৎসা লয়লৈ নিয়ে যদিও মৃত্যুক আকোঁৱালি লয় যুৱ সাংবাদিকজনে। অসমৰ ব্যক্তিগত ছেটেলাইট টেলিভিচন চেনেলৰ বিহপুৰীয়াৰ সাংবাদিক আছিল সুব্ৰত কাকতি। মৃত্যুৰ সময়ত তেওঁ পত্নীসহ মাতৃ, ককায়েক আৰু বৌয়েক ভতিজীক ইহ সংসাৰত এৰি থৈ যায়। অমায়িক স্বভাৱৰ সুব্ৰত কাকতিৰ মৃত্যুত শোকৰ ছাঁ পৰে সমগ্ৰ অঞ্চলটোত।