যোৰহাটঃ ৰাজ্যপাল জগদীশ মুখীয়ে আজি যোৰহাট জিলাৰ তিনিখনকৈ উচ্চ শিক্ষানুষ্ঠান পৰিদৰ্শন কৰে৷ শিক্ষানুষ্ঠান কেইখনৰ শৈক্ষিক তথা আন্তঁগাঁঠনিৰ বুজ লয়। বিয়লি ৰাজ্যপাল তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ আচাৰ্যগৰাকীয়ে অসম কৃষি বিশ্ববিদ্যালয় পৰিদৰ্শন কৰি বিশ্ববিদ্যালয় পৰিয়ালৰ সৈতে পাঁচদফীয়া গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হোৱাৰ লগতে শিক্ষাৰ্থীৰে মত বিনিময় কৰে। ৰাজ্যপালে বিশ্ববিদ্যালয়ৰ বৰ্ড ৰূমত প্ৰথমে উপাচাৰ্য ড০ বিদ্যুত চন্দন ডেকা আৰু বিশ্ববিদ্যালয়ৰ সঞ্চালক তথা আটাইকেইজন বিজ্ঞানগুৰুৰ সৈতে বিশ্ববিদ্যালয়খনৰ শৈক্ষিক তথা আন্তঁগাঁঠনিগত দিশৰ ওপৰত আলোচনা কৰে আৰু কৃষি শিক্ষা আৰু গৱেষণা তথা সম্প্ৰসাৰণৰ দিশত লবলগীয়া ভূমিকা সম্পৰ্কে কেতবোৰ পৰামৰ্শ আগবঢ়ায়। বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৯ খন মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ মুৰব্বী অধ্যাপকসকলৰ সৈতে শৈক্ষিক দিশৰ ওপৰত পৰ্যালোচনা কৰাৰ উপৰিও ৰাজ্যপালে বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৯খন মহাবিদ্যালয়ৰ শিক্ষক সন্থাৰ প্ৰতিনিধিৰ সৈতে প্ৰশাসনিক আন্তগাঠনি আৰু পৰিকাঠামোৰ শেহতীয়া ব্যৱস্থাৱলীৰ সম্পৰ্কত আলোচনাত মিলিত হয়। বিশ্ববিদ্যালয়ত অধ্যয়নৰত শিক্ষাৰ্থী আৰু ছাত্ৰ একতা সভাৰ বিষয়-ববীয়াৰ সৈতে এক পৃথক আলোচনাত মিলিত হৈ শিক্ষাৰ্থীসকলৰ প্ৰত্যাশা সম্পৰ্কতো আলোচনা কৰে ৰাজ্যপালে। অনুষ্ঠানৰ পিছত বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত শিক্ষাৰ্থীসকলৰ সৈতে মুকলি মত বিনিময় কৰে। এইসমূহ কাৰ্যসূচীত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ বিদ্যুত চন্দন ডেকাৰ লগতে পঞ্জীয়ক তপন কুমাৰ গোহাঁই, গৱেষণা সঞ্চালক (কৃষি) ড০ অশোক ভট্টাচাৰ্য, গৱেষণা সঞ্চালক পশু চিকিৎসক ড০ নিৰঞ্জন কলিতা, জিলা উপায়ক্ত অশোক কুমাৰ বৰ্মন, কৃষি অনুষদৰ বিজ্ঞানগুৰু ড০ জয়ন্ত ডেকা, পশুপালন আৰু পশুচিকিৎসা বিজ্ঞানগুৰু ড০ বিবেকানন্দ শইকীয়া, সামূহিক বিজ্ঞানগুৰু ড০ ৰূমা ভট্টাচাৰ্য, স্নাতকোত্তৰ শিক্ষা সঞ্চালক অজিত বৈশ্য, ছাত্ৰ কল্যাণ সঞ্চালক ড০ ৰাণা প্ৰতাপ ভূঞা, উত্তৰ পূৱ জৈৱ প্ৰযুক্তি কেন্দ্ৰৰ সঞ্চালক ড০ বিদ্যুত কুমাৰ শৰ্মা প্ৰমুখ্যে বিষয়াসকল উপস্থিত থাকে। আনহাতে ৰাজ্যপালে যোৰহাটস্থ অসম মহিলা বিশ্ববিদ্যালয়ো পৰিদৰ্শন কৰি মহিলা বিশ্ববিদ্যালয়খনৰ শৈক্ষিক তথা আন্তঁগাঁঠনিৰ মাণদণ্ড সন্দৰ্ভত উপাচাৰ্য ড০ অজন্তা বৰগোহাঁই ৰাজকোঁৱৰ আৰু বিশ্ববিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা আৰু ছাত্ৰীসকলৰ সৈতে আলোচনাত মিলিত হয়। ৰাজ্যপালে জগন্নাথ বৰুৱা মহাবিদ্যালয় পৰিদৰ্শন কৰি অধ্যক্ষ ড০ উৎপলজ্যোতি মহন্তৰ লগতে অধ্যাপক-অধ্যাপিকাসকল আৰু ছাত্ৰ একতা সভাৰ বিষয়-ববীয়াৰ সৈতে আলোচনাত মিলিত হয়।