February 2, 2023, 3:02 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি প্ৰেমত হাবুডুবো খোৱা উৰ্বশ্ৰীৰ প্ৰেম হৈ ৰ’ল আধৰুৱা… বিতৰ্কই লগ এৰা নাই সাহিত্য সভাৰ, কাৰ্যসূচীত বিনা অনুমতিত সন্নিবিষ্ট কৰিলে সাহিত্যিক ৰীতা চৌধুৰীৰ নাম নিম্ন মধ্যবিত্তক আকৰ্ষণ কৰিবলৈ কৰৰ বোজা কিছু হ্ৰাস কৰাৰ প্ৰস্তাৱ দিছে নিৰ্মলা সীতাৰমণে APDCLৰ লোকচানৰ বোজা সাধাৰণ জনতাৰ ওপৰত জাপি দিয়া কাৰ্য মানি লোৱা নহ’বঃ আপ টুকটুকী ছায়া স্মৃতি এম ই মাদ্ৰাছাৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীক বিদায় সম্বৰ্ধনা মুখ্যমন্ত্ৰীয়ে নাই বুলি কোৱাৰ পাছতো বিজেপিৰ বিধায়ক ৰমাকান্তৰ মতে বাঘ হাজৰিকা আছিল অৰবিন্দ কেজৰিৱালক হত্যাৰ ভাবুকিঃ মাজনিশা আৰক্ষীলৈ আহিল ফোনকল বেবেজীয়াত প্ৰাকৃতিক পৰিবেশত ‘ৰ’দঘাই বেবেজীয়া’ৰ নাট মহোৎসৱৰ সফল সামৰণি আদানি-কাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত ৰাজহুৱা খণ্ডৰ বেংক-বিত্তীয় প্ৰতিষ্ঠানত বিনিয়োগ কৰা অসমৰ লোকৰ ধন কিমান নিৰাপদ? বিবিচিৰ ডকুমেণ্টৰী নিষিদ্ধ সন্দৰ্ভত ৬ ফেব্ৰুৱাৰীত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

যোৰহাটৰ উত্তৰ-পূৱ বিজ্ঞান-প্ৰযুক্তি প্ৰতিষ্ঠানত ‘আই-কানেক্ট’ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিং

Reporter Name
  • Update Time : Thursday, May 12, 2022
  • 44 Time View

যোৰহাটঃ আজাদী-কা-অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে যোৰহাটস্থিত বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদৰ অধীনৰ উত্তৰ-পূৱ বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান চমুকৈ চিএছআইআৰ-নেইষ্টত ‘আই-কানেক্ট শীৰ্ষক কাৰ্যসূচী অনুষ্ঠিত কৰে৷ আজি কাৰ্যসূচী উদ্বোধন কৰে কেন্দ্ৰীয় বিজ্ঞান-প্ৰযুক্তি আৰু প্ৰধানমন্ত্ৰী কাৰ্যালয় দপ্তৰৰ স্বতন্ত্ৰ ৰাজ্যমন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে। দেশৰ ঔদ্যোগিক ক্ষেত্ৰখনৰ আৰু অধিক দ্ৰুত বিকাশত সহায়ক হোৱাকৈ বৈজ্ঞানিক গৱেষণাৰ সু-প্ৰয়োগ তথা সংযোজনক উদগণি যোগোৱাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে আয়োজন কৰা উদ্যোগৰে সংযোগ বিষয়ৰ বিশেষ বৈজ্ঞানিক তথা ঔদ্যোগিক কাৰ্যসূচীৰ শুভাৰম্ভণি অনুষ্ঠানত ৰাজ্যৰ বিজ্ঞান-প্ৰযুক্তি বিদ্যা আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্ত, কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে অংশগ্ৰহণ কৰে। ভাৰতৰ স্বাধীনতাৰ অমৃত মহোৎসৱৰ অংশ হিচাপে পুলিবৰস্থিত নেইষ্টৰ জে.এন বৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত আই কানেক্ট কাৰ্যসূচীৰ জৰিয়তে বিজ্ঞান আৰু প্ৰযুক্তি খণ্ডত সফলতা প্ৰদৰ্শন কৰা দেশৰ ৭৫টা ‘আইকনিক’ উদ্যোগৰ সৈতে ভাৰতীয় বৈজ্ঞানিক গৱেষণাৰ ক্ষেত্ৰখনক আৰু অধিক কাষ চপাই নিয়াৰ প্ৰয়াস কৰা হৈছে। ‘আই কানেক্ট’ৰ অংশ হিচাপে মেগা উদ্যোগ সন্মিলন, ঔদ্যোগিক ক্ষেত্ৰত বিকাশত বৈজ্ঞানিক গৱেষণাৰ অৰিহণা বিষয়ক আলোচনা সত্ৰ, কাৰিকৰী প্ৰদৰ্শনী, ঔদোগিক আৰু বৈজ্ঞানিক ক্ষেত্ৰৰ হিতাধিকাৰীসকলৰ মাজত বিনিময়কে ধৰি বহুকেইটা কাৰ্যসূচী অন্তৰ্ভুক্ত কৰা হৈছে। তদুপৰি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজন কৰা এখন প্ৰদৰ্শনীত কুটীৰ শিল্প, হস্ত নিৰ্মিত বস্ত্ৰশিল্প, ঔদ্যোগিক বিজ্ঞানৰ লগত জড়িত উপাদান আদি প্ৰদৰ্শনৰো ব্যৱস্থা কৰা হৈছে। উদ্বোধনী অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, নিতি আয়োগৰ সদস্য (বিজ্ঞান আৰু তথ্য প্ৰযুক্তি) তথা আই-কানেক্ট অনুষ্ঠানৰ পৰামৰ্শদাতা সমিতিৰ অধ্যক্ষ পদ্মভূষণ বি.কে সাৰস্বত, বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদৰ উত্তৰ পূৱ বিজ্ঞান আৰু তথ্য প্ৰযুক্তি প্ৰতিষ্ঠানৰ সঞ্চালক ড০ জি. নৰহৰি শাস্ত্ৰীও উপস্থিত থাকে। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি ৰাজ্যমন্ত্ৰী ড০ সিং আৰু ৰাজ্যৰ বিজ্ঞান-প্ৰযুক্তি বিদ্যা মন্ত্ৰী মহন্তই চিএছআইআৰ-নেইষ্টৰ এটা সংযুক্ত ভৱনো উদ্বোধন কৰে৷ ভাৰত চৰকাৰৰ ডনাৰ মন্ত্ৰালয়ৰ পুঁজিৰে নিৰ্মিত এই সংযুক্ত ভৱনত উপলব্ধ প্ৰামাণিক প্ৰযুক্তিৰ দ্বাৰা উত্তৰ-পূৰ্ৱাঞ্চলৰ কৃষক আৰু উদ্যমীসকললৈ বৃত্তিগত মান বৃদ্ধিৰ বাবে সহায়ৰ হাত আগবঢ়োৱাৰ ব্যৱস্থা কৰা হৈছে। নতুন ভৱনটোত প্ৰযুক্তি সুবিধা কেন্দ্ৰ, দক্ষতা বিকাশ কেন্দ্ৰ, খাদ্য পৰীক্ষাগাৰ, প্ৰদৰ্শন আৰু ব্যৱসায়িক ইনকিউবেচন, কাঠফুলা আৰু অৰ্কিড খেতি, গুণগত মান পৰীক্ষাৰ মাপকাঠি পৰীক্ষণ আৰু বিশ্লেষণ আদি সুবিধা উপলব্ধ হ’ব৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে