May 25, 2022, 6:10 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি গোৱৰ্ধনা আৰক্ষী থানা এলেকাত অঘটনঃ মেচিনত সোমাই ২২ বছৰীয়া শ্ৰমিকৰ মৃত্যু শ্ৰীনগৰত আৰক্ষী জোৱান মালিক চাহিব সৌৰা আনচাৰক গুলীয়াই হত্যা, ৭ বছৰীয়া কন্যা আহত উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত অচিনাক্ত মৃতদেহ উদ্ধাৰ কামপুৰত পুনৰ বানত উটি গৈ শিশুৰ মৃত্যু তামিলনাডুত বিজেপি নেতাক গুলীয়াই হত্যা মৃত্যু আহে সংগোপনে, মঙলবাৰৰ পুৱাৰ দৌৰেই হৈ পৰিল শেষবাৰৰ দৌৰ… কোকৰাঝাৰত পুনৰাই নাৱালিকাক ধৰ্ষণঃ তিনি পাষণ্ড আফুৰউদ্দিন, মুস্তাফা, ছামেজউদ্দিন গ্ৰেপ্তাৰ বৰক্ষেত্ৰীৰ চৰাঞ্চল পৰিদৰ্শন কংগ্ৰেছী বিধায়ক দিগন্ত বৰ্মন ৰেকিবুদ্দিন আহমেদ, বসন্ত দাসৰ বিৰোধী একত্ৰিত হ’লে দখল কৰিব পাৰিব ৰাষ্ট্ৰপতিৰ আসনঃ নাড্ডাৰ ঘৰত বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠক অসম আন্দোলনৰ সক্ৰিয় কৰ্মী-সমাজসেৱক থানেশ্বৰ বৰাৰ মৃত্যু, মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

যুৱকৰ মৃত্যদণ্ডক লৈ আলফা স্বাধীনক উভতি ধৰিলে নাগৰিক সমাজেঃ চৰকাৰ-আলফা স্বাধীনে নিকৃষ্ট ৰাজনীতি কৰিছে…

Reporter Name
  • Update Time : Sunday, May 8, 2022
  • 32 Time View

আলফা স্বাধীনত যোগদানৰ বাবে ম্যানমাৰ শিবিৰলৈ যোৱা কামৰূপৰ মুক্তাপুৰৰ যুৱক ধনজিৎ দাস আৰু বৰপেটাৰ সঞ্জীৱ শৰ্মাক নিৰাপত্তাৰক্ষীৰ গুপ্তচৰ হোৱাৰ সন্দেহত আলফাই হত্যা কৰা ঘটনাৰ ৰাজ্যত প্ৰতিক্ৰিয়া অব্যাহত আছে। আলফা স্বাধীনৰ শীৰ্ষ নেতা পৰেশ বৰুৱাই আৰক্ষী সেনাৰ চোৰাংচোৱা বুলি ধনজিৎ দাস আৰু সঞ্জীৱ শৰ্মাক মৃত্যুদণ্ড দিয়া বুলি যুক্তি দিলেও অসম আৰক্ষীয়ে যুক্তি নসাৎ কৰিছে। তাৰ মাজতে অসম নাগৰিক সমাজে আলফা স্বাধীনৰ এনে কাৰ্যক বৰ্বৰতা আখ্যা দিছে। অসম নাগৰিক সমাজে কয় যে আলফাই দুজন ডেকা ল’ৰাক মৃত্যদণ্ড দিয়া বুলি শুনি আমি স্তম্ভিত আৰু হতবাক হৈছো৷ অসম নাগৰিক সমাজে একমুখে গৰিহণা দিছো। অসম নাগৰিক সমাজে বিবৃতিত কয় যে আলফাৰ মুৰব্বী পৰেশ বৰুৱাই আজিকালি সততে আক তাক ফোন কৰে৷ উপযাচি বাতৰি কাকতত, টিভিত দীঘলীয়া সাক্ষাৎকাৰ দিয়ে৷ কথা-বতৰা, আওভাওৰ পৰা অনুমান হয় যে আলফাৰ নেতা, কৰ্মীসকল এতিয়া চৰকাৰৰ লগত আলোচনাত মিলিত হৈ সমাজ জীৱনৰ মূলসুঁতিলৈ ওভতি আহি এক স্বাভাৱিক জীৱন অতিবাহিত কৰিবলৈ যেন হামৰাও কাঢ়ি আছে। এনে সময়ত, দুজন ডেকা ল’ৰাক শীতল মস্তিষ্কৰে হত্যা কৰাটোৱে কি বুজাইছে? আজিৰ এই পৰিস্থিতিত অসম-অসমীয়াৰ হৈ মাত মতাৰ, কথা কোৱাৰ অধিকাৰ আছেনে? চৰকাৰে কি কৰিছে? চৰকাৰৰ হৈ চোৰাংচোৱা কৰা-এইবোৰ আমি কি শুনিছো বুলি কয় নাগৰিক সমাজে? অসম নাগৰিক সমাজে অসম চৰকাৰৰ দায়সৰা মন্তব্য কোনোপধ্যেই গ্ৰহণযোগ্য নহয় বুলি কৈ কয় যে ডেকা ল’ৰা দুজনৰ হত্যাৰ দায়িত্ব এতিয়া কোনে ল’ব? কাৰ চক্ৰান্তৰ বলি হৈ এই ডেকা ল’ৰা দুজনে এনেকৈ জীৱন দিব লগা হ’ল বুলি প্ৰশ্ন কৰে। মানুহৰ জীৱনক লৈ এনেদৰে হেতালি খেলাটো চৰকাৰ আৰু আলফা স্বাধীনৰ উভয়ৰ নিকৃষ্ট ৰাজনীতি৷ আমি সকলোৱে সমস্বৰে ইয়াৰ নিন্দা কৰো, গৰিহণা দিছো৷ আমি বিচাৰো এই বৰ্বৰতা বন্ধ হওক।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে