নতুন দিল্লীঃ লাদাখত চীনৰ সৈতে ভাৰতৰ সংঘাত হোৱাৰ পাছতেই দক্ষিণ চীন সাগৰলৈ যুদ্ধ জাহাজ প্ৰেৰণ ভাৰতীয় নৌসেনাৰ। ১৫ জুনৰ পূৰ্বে লাদাখৰ গালৱান ঘাটিত হোৱা হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় নৌবাহিনীয়ে গ্ৰহণ কৰিছে এই পদক্ষেপ। চিন্তিত চীনে দুই পক্ষৰ মাজত আলোচনাৰ বাবে আগ্ৰহ প্ৰকাশ কৰাৰ লগতে ভাৰতৰ এই কাণ্ডত আপত্তি দৰ্শাইছে।
২০০৯ চনতেই উক্তস্থানত ৰঙা চীনে কৃত্ৰিম দ্বীপপুঞ্জৰ লগতে সামৰিক শক্তি শক্তিশালী কৰিছিল। চৰকাৰী সূত্ৰে প্ৰকাশ কৰা অনুসৰি, গালৱান উপত্যকাত সংঘটিত সংঘৰ্ষত ভাৰতৰ ২০ জন সৈনিকে প্ৰাণ হেৰুৱাব লগা হৈছিল। তাৰপাছতেই ভাৰতীয় নৌবাহিনীয়ে দক্ষিণ চীন সাগৰলৈ ফ্ৰন্টলাইন যুদ্ধজাহাজ প্ৰেৰণ কৰিছিল। এই কাৰ্য্যত পিপলচ লিবাৰেচন আৰ্মিয়ে আন কোনো শক্তিকেই বৃহত জলৰাশিত আধিপত্য বিস্তাৰৰ বিৰোধিতা কৰিছিল।
সূত্ৰটোৱে জানিবলৈ দিয়ে যে, তাৎক্ষণিক দক্ষিণ চীন সাগৰত ভাৰতৰ যুদ্ধজাহাজ প্ৰেৰণ কৰা কাৰ্য্যত চীনৰ নৌবাহিনী আৰু সুৰক্ষা ব্যৱস্থাত যথেষ্ট প্ৰভাৱ পেলাইছে। ভাৰতৰ সৈতে কূটনৈতিকভাৱে আলোচনা হৈ থকাৰ সময়তে ভাৰতীয় যুদ্ধজাহাজৰ উপস্থিতিয়ে ৰঙা চীনক চিন্তিত কৰি তুলিছে।