মৰিয়নিঃ বিহু সুৰক্ষা সমিতিৰ তিতাবৰ জিলা তথা জংঘল ব্লক আঞ্চলিকৰ উদ্যোগত ২৫ আৰু ২৬ ডিচেম্বৰৰ পৰা ২ দিনীয়া কাৰ্যসূচীৰে মৰিয়নিৰ জংঘল ব্লকৰ জয় মাচি ডুংডুং ক্ষেত্ৰত অনুস্থিত হৈছে বিহু সুৰক্ষা সমিতিৰ দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস লগতে পঞ্চম দ্বিবাৰ্ষিক অধিবেশন। ২৫ডিচেম্বৰ তাৰিখে বিভিন্ন কাৰ্যসূচীৰ সফল সমাপ্তিৰ পাছতেই ২৬ তাৰিখে পুৱা পতাকা উত্তোলনেৰে আৰম্ভ কৰিছে দিনটোৰ কাৰ্যসূচী৷ অঞ্চলটোৰ বহু কেইগৰাকী সংস্কৃতিবান বৃদ্ধ বৃদ্ধাক সন্মান জনোৱা হৈছে অনুষ্ঠানটোত৷ এই কাৰ্যসূচীতেই অশীতিপৰ বৃদ্ধাসকলে অনুষ্ঠান পৰিবেশন কৰি উপস্থিত ৰাইজক আমোদ দিবলৈ সক্ষম হয়। অসমৰ বিভিন্ন লোকসংস্কৃতি প্ৰদৰ্শনৰ লগতে অসমৰ সাংস্কৃতিক জগত খনৰ বিভিন্ন ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা অসমৰ কেইবাগৰাকী ব্যক্তিক বিশেষ বঁটা প্ৰদান কৰা হৈছে। কেইবাগৰাকী বিশিষ্ট অতিথিৰ যোগদানেৰে দিনৰ বেলা অনুস্থিত হয় দ্বিতীয় দিনাৰ অন্যতম কাৰ্যসূচী মুকলি সভা৷ মুকলি সভাৰ আৰম্ভনিতে বিশিষ্ট অতিথি সকলৰ লগতে বঁটাপ্ৰাপ্ত ব্যক্তি সকলক মঞ্চলৈ আদৰি নিয়াৰ দৃশ্যই উপস্থিত সকলোৰে মন মুহিবলৈ সক্ষম হৈছে।