নিউজ ডেস্কঃ মৰিগাঁও জিলাৰ জোনবিলত কালিৰে পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে ঐতিহাসিক জোনবিল মেলা। গোভা ৰজা দীপছিং দেওৰজাৰ উপস্থিতিত আজি জোনবিল মেলা পৰিদর্শন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আজি এই উপলক্ষে অনুষ্ঠি এখন ৰাজহুৱা সভাতো সম্বোধন কৰে মুখ্যমন্ত্ৰীয়ে। ঐতিহাসিক মেলাখনে মধ্য যুগৰ পৰা পাহাৰীয়া আৰু ভৈয়ামৰ জনজাতি তথা সম্প্ৰদায়সমূহৰ মাজত যোগাযোগ আৰু ভাতৃত্ববোধৰ সমন্বয়ক হিচাপে সোণসেৰীয়া একতাৰ এনাজৰী স্বাক্ষৰ বহন কৰি আহিছে বুলি মুখ্যমন্ত্ৰীয়ে মত পোষণ কৰি বহু শতিকা ধৰি এই পৰম্পৰা অব্যাহত ৰখাটো তিৱা ভাই-ভনীসকলে তেওঁলোকৰ ঐতিহ্য আৰু সংস্কৃতিক দিয়া গুৰুত্বৰ মূর্ত প্ৰকাশ বুলি কয়। মুখ্যমন্ত্ৰীয়ে মহৎ পৰম্পৰাৰে সমৃদ্ধ বার্ষিক মেলাখনৰ সফল ৰূপায়ণ তথা সফল সমাপ্তিৰ বাবে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।
জোনবিলা মেলা পৰিদর্শনকালত মুখ্যমন্ত্ৰীৰ সৈতে মন্ত্ৰী পীযুষ হাজৰিকা, বিধায়ক ৰমাকান্ত দেউৰী, আছিফ মহম্মদ নাজাৰ, তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱনচন্দ্ৰ কোঁৱৰ, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু বহুকেইগৰাকী তিৱা ৰাজসভাৰ ৰাজমন্ত্ৰী বিষয়াও উপস্থিত থাকে।