প্ৰণৱ ডেকাবৰুৱা, মৰাণঃ ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত তিলৈ নগৰত আজি বিয়লি সংঘটিত হয় এক ভয়ংকৰ ঘটনা৷ তিলৈনগৰ নতুন গাঁৱৰ তিৰ্জু নাৰায়ণ গগৈ নামৰ যুৱকজনক ঘৰৰ ভিতৰতে চোকা অস্ত্ৰৰে ঘপিয়াই ধাৰাশয়ী কৰে এজন অচিনাক্ত যুৱক৷ গাঁওখনৰ প্ৰভাত গগৈৰ পুত্ৰ তিৰ্জুনাৰায়ণ গগৈ নামৰ যুৱকজনক আজি বিয়লি ঘৰৰ ভিতৰতে অতৰ্কিতে প্ৰৱেশ কৰি চোকা অস্ত্ৰৰে আক্ৰমণ কৰে৷ আক্ৰমণত ধৰাশায়ী হৈ পৰা যুৱকজনক সংকটজনক অৱস্থাত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে৷ বৰ্তমান মৰাণ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে৷ জানিব পৰা মতে, তিৰ্জুনাৰায়ণ গগৈয়ে প্ৰায় ডেৰমাহৰ পূৰ্ৱে গোলাঘাটৰ আঠখেলীয়া বামুণ গাঁৱৰ আদিত্য বৰা নামৰ যুৱকজনৰ পত্নীক বিবাহ কৰাই আনিছিল৷ আজিৰ আক্ৰমণত আদিত্য বৰা জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে তিৰ্জুনাৰায়ণৰ পৰিয়ালৰ লোকে৷ এই ঘটনাকলৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰে।