ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰত শিৱসেনাই এনচিপি আৰু কংগ্ৰেছৰ সৈতে মিত্ৰতা স্থাপন কৰি চৰকাৰ গঠন কৰিলেও সময়ৰ লগে লগে যেন তিনি দলৰ মাজত সংঘাতে ভুমুকি মাৰিছে। বিশেষকৈ পদবীক লৈ তিনি মিত্ৰ দলৰ মাজত মতানৈক্য বৃদ্ধি পোৱাৰ সময়তে বুধবাৰে লোকসভাৰ সদস্য পদৰ পৰা পদত্যাগ পত্ৰ দাখিল কৰে শিৱ সেনাৰ পৰভানী সমষ্টিৰ সাংসদ সঞ্জয় যাদৱে।
শিৱসেনাৰ অধ্যক্ষ তথা মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰি সঞ্জয় যাদৱে কয় যে তেওঁ তেওঁৰ সমষ্টিৰ শিৱ সেনা কৰ্মীসকলক ন্যায় প্ৰদান কৰিবলৈ অক্ষম হোৱাৰ কাৰণেই পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁ পদত্যাগ পত্ৰত লিখিছে, ‘মই মোৰ এলেকাৰ শিৱ সেনা কৰ্মীসকলক ন্যায় দিবলৈ অসমৰ্থ হৈছো, তাৰ পিছত মোৰ সাংসদ হৈ থকাৰ কোনো অধিকাৰ নাই।’
তেওঁ পুনৰ লিখিছে, ‘মোৰ সমষ্টি অৰ্থাৎ পাৰভানীৰ এপিএমচিৰ প্ৰশাসক নিযুক্তিৰ বিষয়টো যোৱা ৮-১০ মাহ ধৰি মই পৰ্যবেক্ষণ কৰি আছো। এতিয়া হঠাৎ এজন এনচিপিৰ নেতাক বেচৰকাৰী স্থিতিৰে তাত প্ৰশাসকৰূপে নিযুক্তি প্ৰদান কৰা হৈছে। এয়া অঞ্চলটোৰ শিৱসেনা কৰ্মীসকলৰ বাবে উপহাস স্বৰূপ। মই এয়া চাই থাকিব নোৱাৰো। গতিকে মই পদত্যাগ কৰাটোৱে উচিত বুলি ভাৱো।’