ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ অব্যাহত আছে। তাৰ মাজতে, প্ৰধানমন্ত্ৰী মোদীয়ে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ সৈতে ফোনযোগে কথা পাতে৷ ভাৰত চৰকাৰৰ সূত্ৰ অনুসৰি, ফোন কল প্ৰায় ৩৫ মিনিট ধৰি চলিছিল। দুয়োগৰাকী নেতাই ইউক্ৰেইনৰ পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে৷ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা পোনপটীয়া আলোচনাৰ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ইউক্ৰেইনৰ পৰা ভাৰতীয় নাগৰিকসকলক স্থানান্তৰ কৰাৰ ক্ষেত্ৰত ইউক্ৰেইন চৰকাৰে আগবঢ়োৱা সহায়ৰ বাবে ৰাষ্ট্ৰপতি জেলেনস্কিক ধন্যবাদ জ্ঞাপন কৰে৷ প্ৰধানমন্ত্ৰীয়ে চুমিৰ পৰা ভাৰতীয় নাগৰিকসকলক স্থানান্তৰ কৰাৰ চলিত প্ৰচেষ্টাত ইউক্ৰেইন চৰকাৰৰ পৰা সমৰ্থন বিচাৰিছে।
ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে কথা পাতি ইউক্ৰেইনৰ পৰা ভাৰতীয়সকলক সুৰক্ষিতভাৱে স্থানান্তৰ কৰাৰ বিষয়ে আলোচনা কৰে৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে জাৰি কৰা এক বিবৃতিত কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে ফোনযোগে কথা পাতে৷ বিশেষকৈ খাৰকিভত য’ত বহু সংখ্যক ভাৰতীয় শিক্ষাৰ্থী আৱদ্ধ হৈ আছে। তেওঁলোকে যুদ্ধবিধ্বস্ত অঞ্চলৰ পৰা ভাৰতীয় নাগৰিকসকলক সুৰক্ষিতভাৱে স্থানান্তৰ কৰাৰ বিষয়ে আলোচনা কৰে। পুটিনৰ সৈতে প্ৰধানমন্ত্ৰীৰ আলোচনা তেতিয়া হৈছিল যেতিয়া মোডীয়ে ইয়াত এখন উচ্চ পৰ্যায়ৰ বৈঠকত সভাপতিত্ব কৰি আছিল। বৈঠকত কেন্দ্ৰীয় চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ উপৰিও বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে অংশগ্ৰহণ কৰিছিল। ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে আশ্বাস দিছে যে সকলো প্ৰতিকূল পৰিস্থিতিৰ স্বত্বেও, ভাৰত চৰকাৰে ইউক্ৰেইনত আৱদ্ধ হৈ থকা ইয়াৰ প্ৰতিজন নাগৰিকক সুৰক্ষিতভাৱে ঘূৰাই আনিব।