মৈৰাবাৰীৰ পৰা আজাহাৰুদ্দিনঃ আজি মৈৰাবাৰী মহাবিদ্যালয়ত Institutional Values & Best Practice Cellৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে বিশ্ব ধপাঁত বিৰোধী দিৱস উদযাপন কৰা হয়। সমগ্ৰ বিশ্বৰ লগতে আজি মৈৰাবাৰী কলেজত ধঁপাত বিৰোধী দিৱস উদযাপন কৰা হয়৷ ধপাঁত বিৰোধী দিৱসৰ কাৰ্যসূচী অনুসৰি ছাফাই অভিযান, গছপুলি ৰোপণ, সজাগতা মূলক সভা, ছাত্ৰ-ছাত্ৰীৰ মাজত বক্তৃতা প্ৰতিযোগিতা আৰু সজাগতা মূলক মুকলি সভা অনুষ্ঠিত হয়। সভাৰ সভাপতিত্ব কৰে মহাবিদ্যালয়ৰ অধ্যাপক ছামছুদ্দিন মজুমদাৰে৷ সভাত সমল ব্যাক্তি হিচাপে উপস্থিত থাকে মৰিগাঁও জিলা ধপাত নিয়ন্ত্ৰণ কোষৰ পৰা ড০ জে বৰু৷ মৈৰাবাৰী মহাবিদ্যালয়ৰ সমূহ ছাত্ৰছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত থাকে।