মৈৰাবাৰীঃ শিক্ষাৰ্থীৰ সমৰ্থন আৰু প্ৰগতি কোষ আৰু এনএছএছ গোটেৰ সহযোগত কৌশল বিকাশ আৰু জীবিকা পৰামৰ্শ অনুষ্ঠান অনুষ্ঠিত হয় মৈৰাবাৰী মহাবিদ্যালয়ত। অনুষ্ঠানত মৈৰাবাৰী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ড০ মইদুল ইছলামৰ সঞ্চালনাত অনুষ্ঠিত পৰামৰ্শ কৰ্মশালাত মুখ্য বক্তা হিচাপে মেঘনা কৌশিকে। মৈৰাবাৰী মহাবিদ্যালয়ৰ ছেমিনাৰ হলত অনুষ্ঠিত সভাত প্ৰায় ৭০০ পৰা ৮০০ ছাত্ৰ উপস্থিত থাকে। সভাত জীৱনত কেনেদৰে নিজৰ লক্ষ্য স্থানত সফল হ’ব পাৰি আৰু কেনেদৰে নিজৰ জীবিকা সু-নিশ্চিত কৰিব পাৰি সেই সন্দৰ্ভত আলোচনা কৰা হয়। সভাত মৈৰাবাৰী মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ অধ্যাপক-অধ্যাপিকা উপস্থিত থাকি সভান সফল কৰে।