মৈৰাবাৰীঃ আজি মৈৰাবাৰীৰ আগশাৰীৰ বিদ্যালয়-মৈৰাবাৰী আদৰ্শ বিদ্যালয় পৰিদৰ্শন কৰে শিক্ষা বিভাগৰ উপদেষ্টা ড০ ননী গোপাল মহন্তই৷ মৰিগাঁও জিলাৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলিয়া, মৰিগাঁও জিলা প্ৰাথমিক শিক্ষা বিষয়া বুলি গগৈ ভূঞা, লাহৰিঘাট ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ উপস্থিতিত
বিদ্যালয়খনৰ শৈক্ষিক-সাংস্কৃতিক পৰিৱেশৰ পৰ্যালোচনা কৰে৷ কোঠালি, প্ৰযুক্তি-সাংস্কৃতিক কক্ষ পৰিদৰ্শন কৰাৰ লগতে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত-বিনিময় কৰে। অসম চৰকাৰৰ জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয় আৰু বিজ্ঞান প্ৰযুক্তি বিভাগৰ দ্বাৰা বাচনি কৰা অসমৰ ৫খন বিদ্যালয়ৰ ভিতৰত স্থান লাভ কৰিছে মৈৰাবাৰী আদর্শ বিদ্যালয়ে৷ প্ৰথম স্থান লাভ কৰাত বিদ্যালয়খনৰ অধ্যক্ষগৰাকীক শুভকামনাও জ্ঞাপন কৰে আমন্ত্ৰিত অথিতিসকলে। বিদ্যালয় খনৰ অধ্যক্ষই যৌথভাবে বিদ্যালয়খনত গছপুলি ৰোপণ কৰে।