বৰপথাৰঃ মৈত্ৰী আঁচনিৰ অধীনত নৱ নিৰ্মিত সৰুপথাৰ সদৰ আৰক্ষী থানা ভৱনটি আজি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ভিডিঅ কনফাৰেন্সৰ জৰিয়তে শুভ উদ্বোধন কৰে|
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল টিয়ক আৰক্ষী থানাত উপস্থিত হৈ ভিডিঅ কনফাৰেঞ্চৰ জৰিয়তে একেলগে উজনি অসমৰ তিনি খনকৈ আৰক্ষী থানা ভৱন ক্ৰমে যোৰহাট জিলাৰ টিয়ক আৰক্ষী থানা, শিৱসাগৰ আৰক্ষী থানা আৰু গোলাঘাট জিলাৰ সৰুপথাৰ আৰক্ষী থানা ভৱন শুভ উদ্বোধন কৰে |
১৯৬৫ চনতে স্থাপিত সৰুপথাৰ আৰক্ষী থানা | মৈত্ৰী আঁচনিৰ অধীনত ১৯১৭ চনত নিৰ্মাণকাৰ্য্য আৰম্ভ কৰি ডেৰ বছৰৰ ভিতৰত থানা ভৱনটি নিৰ্মাণকাৰ্য্য সম্পুৰ্ণ হয়| সৰুপথাৰ আৰক্ষী থানা ভৱনটি ন ৰূপত আটকধুনীয়া নিৰ্মাণ কৰা হৈছে|
মহামাৰী কৰ’না ভাইৰাছৰ ভয়ৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সামাজিক দুৰত্ব বজাই ৰাখি আজি বিয়লি সৰুপথাৰ সদৰ আৰক্ষী থানা চৌহদত উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে অসম আৰক্ষীৰ শীৰ্ষ বিষয়া (ডি আই জি) সত্য ৰাজ হাজৰিকা প্ৰমুখ্যে গোলাঘাট জিলা আৰক্ষী অধীক্ষক পুস্পৰাজ সিং ,উপ আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেশ্বৰ ,ধনশিৰি মহকুমা আৰক্ষী বিষয়া প্ৰাঞ্জল বৰা আদি উপস্থিত থাকে |
মুখ্যমন্ত্ৰীয়ে ভিডিঅ কনফাৰেঞ্চৰ জৰিয়তে থানা ভৱন উদ্বোধন কৰাৰ পিছত সৰুপথাৰ আৰক্ষী থানা ভৱনটিৰ দ্বাৰ ফিতা কাটি উন্মোচন কৰে ডি আই জি সত্য ৰাজ হাজৰিকাই | উদ্বোধনী অনুষ্ঠান কাৰ্যসূচীত ধনশিৰি মহকুমাৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া,গাওৰক্ষী বাহিনী সদস্য আদি উপস্থিত থাকে |