ইস্তাম্বুলত অনুষ্ঠিত বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত থাইলেণ্ডৰ জিটপোগ জুটামাছক ৫-০ত পৰাস্ত কৰি ভাৰতৰ উদীয়মান বক্সাৰ নিখাত জাৰিনে স্বৰ্ণ পদক অৰ্জন কৰিছে। নিখাতে ৫২ কিলোগ্ৰাম ওজন শাখাত (প্লাই ওজন) সোণৰ পদক জিকে। কৃতিত্ব অৰ্জন কৰা পঞ্চম ভাৰতীয় মহিলা বক্সাৰ নিখাত জাৰিন। চূড়ান্ত বাউটত বিচাৰকসকলে ভাৰতীয় বক্সাৰৰ পক্ষত ৩০-২৭, ২৯-২৮, ২৯-২৮, ৩০-২৭, ২৯-২৮ ভোট দান কৰে।
ফাইনেলত এক সুন্দৰ বিজয়ৰ সৈতে জাৰিনে এই প্ৰতিযোগিতাত প্ৰতিখন মেচ এক সহমতৰ সৈতে জিকিছে৷ আধিপত্য প্ৰদৰ্শন কৰে। ২০০৮ চনত মেৰী কমে স্বৰ্ণ জয় কৰাৰ পিছত এইটো ভাৰতৰ প্ৰথম সোণৰ পদক। একে সময়তে এই প্ৰতিযোগিতাৰ ইতিহাসত এয়া হৈছে ভাৰতৰ দশম স্বৰ্ণ পদক।
জুনিয়ৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ বিজয়ী জাৰিনে ইয়াৰ পূৰ্বে ছেমি ফাইনেলত জয়লাভ কৰি ব্ৰাজিলৰ কেৰোলিন ডি আলমেইদাক ৫-০লত পৰাস্ত কৰি ফাইনেললৈ টিকট বুক কৰিছিল।
নিখাতৰ পূৰ্বে মেৰী কমে বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত অভিলেখ ছয়বাৰ (২০০২, ২০০৫, ২০০৬, ২০০৮, ২০১০, ২০১৮) সোণৰ পদক অৰ্জন কৰিছে। সৰিতা দেৱী (২০০৬), জেনি আৰ এল (২০০৬) আৰু লেখা কে (২০০৬) এই সন্মানীয় প্ৰতিযোগিতাখনত স্বৰ্ণ জয় কৰিছে।
নিখাতৰ বিজয়ৰ সৈতে ভাৰতে এটা সোণ আৰু দুটা ব্ৰঞ্জৰ পদকৰ সৈতে প্ৰতিযোগিতাখন সমাপ্ত কৰে। মনীষা মৌনে ৫৭ কিলোগ্ৰাম ওজন শ্ৰেণীত ভাৰতক আৰু প্ৰবীণ হুডাই ৬৩ কিলোগ্ৰাম ওজন শ্ৰেণীত ব্ৰঞ্জৰ পদক জিকিছিল।