March 29, 2023, 1:41 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

মোবাইল ফোন হ’ল কাল, গোলাঘাটত দস্যু স্বামীৰ হাতত প্ৰাণ গ’ল পত্নীৰ

Reporter Name
  • Update Time : Monday, July 13, 2020
  • 258 Time View

লিজা দাস, গোলাঘাটঃ দস্যু স্বামীৰ হাতত প্ৰাণ গ’ল পত্নীৰ। সোমবাৰে গোলাঘাটৰ ৰূপ নগৰত স্বামীয়ে প্ৰাণ ললে পত্নীৰ৷ কুলেন শইকীয়াই নামৰ লোকজনে পত্নী পত্নী পিংকী শইকীয়াক হত্যা কৰে৷ ইতিমধ্যে হত্যাকাৰী স্বামীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছে৷

জানিব পৰা মতে, কুলেন শইকীয়াই পত্নী পিংকী শইকীয়া আৰু ৬ বছৰীয়া সন্তানসহ গোলাঘাটৰ জ্যোতিনগৰ ভাড়াতীয়া হিচাপে বসবাস কৰি আছিল৷ গোলাঘাট জিলাৰ বেতিয়নীৰ কুলেন শইকীয়া পেচাত এজন গাড়ীচালক৷ গাড়ী চলাই পৰিয়াল পোহপাল দিয়া কুলেশ শইকীয়াই পত্নীয়ে আনৰ সৈতে প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰাৰ অভিযোগ উত্থাপন কৰি পত্নীৰ সৈতে কাজিয়াত লিপ্ত হৈছিল৷

পত্নী পিংকী শইকীয়াই জনৈক গোহাঁই নামৰ এজন লোকৰ সৈতে ফোন যোগে গোপন সম্পৰ্ক ৰক্ষা কৰাৰ অভিযোগ উত্থাপন কৰি অহাৰ সময়তে দেওবাৰে নিশা স্বামীয়ে ৰুদ্ৰ ৰূপ ধাৰণ কৰে৷ দেওবাৰে নিশা স্বামীয়ে জনাক গোহাঁইৰ সৈতে কথা পাতি থকাৰ অভিযোগ উত্থাপন কৰি চোকা অস্ত্ৰৰে পত্নীক আক্ৰমণ কৰে৷ স্বামীৰ আক্ৰমণত দেহৰ কেইবাঠাইত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ সমানে ৰক্তক্ষৰণ হৈ ভাড়াঘৰতে মৃত্যুক আকোৱালি লয় পিংকী শইকীয়া৷

হত্যাকাৰী স্বামীয়ে গোলাঘাট থানাত আত্মসমৰ্পণ কৰে। পিংকী শইকীয়াৰ ঘৰ একেখন জিলাত বৰপথাৰৰ চাংপুলত। আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে