ডিজিটেল ডেস্ক : হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ চৰকাৰী খণ্ডৰ বহু বিদ্যালয়ৰ ফলাফল নিৰাশাজনক৷ চৰকাৰী খণ্ডৰ বহু বিদ্যালয়ৰ শিক্ষাৰ্থী উত্তীৰ্ণৰ হাৰ শূণ্য৷ যাৰ বাবে মেট্ৰিকত বেয়া ফলাফল দেখুওৱা শিক্ষানুষ্ঠানসমূহৰ বিৰুদ্ধে কঠোৰ হৈছে শিক্ষা বিভাগ৷ মেট্ৰিকত বেয়া ফলাফল দেখুওৱা ৰাজ্যৰ ১০২ খন চৰকাৰী বিদ্যালয়লৈ কাৰণ দৰ্শোৱা জাননী জাৰি কৰিছে মাধ্যমিক শিক্ষা সঞ্চালকালয়ে৷ বিদ্যালয়সমূহৰ প্ৰধানলৈ জাননী জাৰি কৰিছে শিক্ষা সঞ্চলকালয়ে৷ সাত দিনৰ ভিতৰত উত্তৰ দিয়াৰ নিৰ্দেশ দিয়া হৈছে৷ উত্তৰ সন্তোষজনক নহ’লে শাস্তিৰ সন্মুখীন হ’ব৷ উল্লেখ্য যে এইবাৰ মেট্ৰিকত ২৫ খন বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ শূন্য৷ আনহাতে ৭০ খন বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ ১০ শতাংশৰো তলত৷ ৭ খন বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ মাথোঁ ১০ শতাংশ৷ কাছাৰৰ সৰ্বাধিক ১৪ খন চাৰকাৰী বিদ্যালয়ৰ লগতে কাৰ্বি আংলঙৰ ১৩ খন চৰকাৰী বিদ্যালয়লৈ জাননী জাৰি কৰা হৈছে৷