উত্তৰ-পূৰ্বাঞ্চলত অনুষ্ঠিত প্ৰতিযোগিতাত অংশ ল’বলৈ আহি মৃত্যুক আকোৱালি লয় তামিলনাডুৰ দীনাদয়ালন বিশ্ব নামৰ খেলুৱৈগৰাকী৷ মেঘালয়ত অনুষ্ঠিত ৮৩ সংখ্যক ছিনিয়ৰ নেচনেল টেবল টেনিছ চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলৈ শ্বিলঙলৈ আহি থকাৰ সময়তে গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী মেঘালয়ৰ জিলা ৰি-ভইত সংঘটিত পথ দুৰ্ঘটনাত তামিলনাডুৰ পেডেলাৰ দীনাদয়ালন বিশ্বৰ মৃত্যু হয়৷ দুৰ্ঘটনাটোৰ আঘাতপ্ৰাপ্ত হৈ মৃত্যুবৰণ কৰে পৰ্যটক বাহনখনৰ চালক দীপল দাস৷ দীনাদয়ালন বিশ্বৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই। পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰি আত্মাৰ শান্তি কামন কৰা চাংমাই৷ কম বয়সত এক সপোন লৈ দীনাদয়ালনে মেঘালয়ে আহিছিল যদিও পথ দুৰ্ঘটনাত জীৱনটোকে হেৰুৱাই দীনাদয়ালন বিশ্বই।