ডিজিটেল ডেস্কঃ চুবুৰীয়া ৰাজ্যত মেঘালয়ত শনিবাৰে সন্ধিয়া পুনৰ আন এজন কোভিড ৰোগীৰ মৃত্যু হোৱৰ খবৰ পোৱা গৈছে৷ ৱেষ্ট গাৰো হিলছ জিলাৰ ৮৪ বছৰীয়া লোকজনৰ শনিবাৰে মৃত্যু হয়৷
টিক্ৰিকিল্লাত ৰেণ্ডম টেষ্ট কৰাৰ সময়তে কোভিড পজিটিভ ধৰা পৰিছিল লোকজন৷ ৱেষ্ট গাৰো হিলছ জিলা প্ৰশাসনে ফেচবুক পোষ্ট যোগে লোকজন টিক্ৰিকিল্লাত ৰেণ্ডম টেষ্ট কৰাৰ সময়তে কোভিড পজিটিভ ধৰা পৰিছিল বুলি কৈ ১৮ আগষ্টত টিচিএইছ কোভিড চেণ্টাৰত ভৰ্তি কৰাৰ কথা উল্লেখ কৰে৷
৮৪ বছৰীয়া লোকজনৰ সৈতে ৰাজ্যখনত এই পৰ্যন্ত ৮গৰাকী লোকৰ মৃত্যু হৈছে৷ ক’ৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা ১০৩৫গৰাকীলৈ বৃদ্ধি পোৱাৰ লগতে ৭৬৯গৰাকী লোক সুস্থ হৈছে৷