জয়ন্ত মুদৈ, বেবেজীয়াঃ বিশ্বৰ সৌন্দৰ্যৰ মঞ্চত জিলিকিল নগাঁৱৰ জীয়ৰী সাগৰিকা কাকতি বৰুৱা। বিশ্বৰ ভিতৰতে অত্যাধুনিক আৰু ৰাজকীয় ৰাষ্ট্ৰ ইউনাইটেড আৰব এমিৰেটচ্ চমুকৈ ইউএইৰ ডুবাইত শেহতীয়াকৈ অনুষ্ঠিত হোৱা বিশ্ব সৌন্দৰ্য প্ৰতিযোগিতা মিছেছ ইউনিভাৰ্চ ইউএই-২০২১ৰ শীৰ্ষ ৰাণাৰ্ছআপ বিশ্ব সুন্দৰী খিতাপ অৰ্জন কৰি অসমবাসীক গৌৰৱান্বিত কৰিলে ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰা নগাঁৱৰ বোৱাৰী সাগৰিকাই৷ নিজৰ প্ৰতিভা তথা সৌন্দৰ্য্যৰ মাজেৰে অসমৰ কৃষ্টি-সংস্কৃতিক বিশ্বৰ মজিয়ালৈ লৈ যাবলৈ প্ৰয়াস কৰি অহা সাজৰিকাই ইতিমধ্যে ২০২১ চনটো বিশ্ব সৌন্দৰ্য্যৰ আন এক প্ৰতিযোগিতাত “আন্তঃৰাষ্ট্ৰীয় ৰাণী ডুবাই” শীৰ্ষক মুকুট শিঁৰত পৰিধান কৰি অসমবাসীক গৌৰৱান্বিত কৰিছিল। এইবেলিও মিছেছ্ ইউনিভাৰ্চ ইউএই বিশ্ব সৌন্দৰ্য প্ৰতিযোগিতাৰ মঞ্চত অসমীয়া জাতীয় সাজ-পাৰ মেখেলা-চাদৰ পৰিধান কৰি হাতত শৰাই লৈ অসমীয়া বোৱাৰীৰ পূৰ্ণাংগ ৰূপেৰে ৰেম্পত খোজ দি বিশ্বৰ বিভিন্ন প্ৰান্তৰ সমবেত হাজাৰ হাজাৰ দৰ্শকক মোহাচ্ছন্ন কৰি তুলিবলৈ সক্ষম হয় সাগৰিকা৷ অসমৰ চহকী হাতে-বোৱা চাদৰ-মেখেলা আৰু সাগৰিকাৰ ৰূপ-লাবণ্যত বহু সময় ধৰি বাজি উঠিছিল দৰ্শকৰ বিপুল হাত চাপৰি আৰু অৱশেষত জাৰ্মান, ছাইবেৰীয়া, ইৰাণ, পাকিস্তান, ব্ৰাজিল, ইউ কে আৰু ৰাছিয়া আদিকে ধৰি বিশ্বৰ মুঠ ২৫ খন দেশৰ পৰা নিৰ্বাচিত হোৱা ২৫ গৰাকী চূড়ান্ত প্ৰতিযোগীৰ মাজৰ পৰা অসমৰ মেখেলা-চাদৰ পৰিহিতা সাগৰকাই আজুৰি আনিলে প্ৰথম ৰানাৰ আপৰ শ্ৰেষ্ঠত্বৰ গৌৰৱ৷ নগাঁৱৰ হাতীচোং মৌজাৰ অন্তৰ্গত মাজ-জাজৰিৰ স্বামী ছ’ফটৱেৰ ইঞ্জিনিয়াৰ ৰূপজ্যোতি বৰুৱাৰ সৈতে দীৰ্ঘদিন ধৰি ডুবাইত থকা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এয়াৰ হোষ্টেজ হিচাপে কৰ্মৰত সাগৰিকাৰ এনে সাফল্যত অসম তথা নগাঁওবাসী উৎফুল্লিত হৈ পৰিছে আৰু সকলোয়ে শুভেচ্ছা জনাইছে৷