July 2, 2022, 2:26 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দেৱৰাজ ৰয় কলেজত “অসমীয়া গদ্যৰ গতিপথ” শীৰ্ষক মনোজ্ঞ বক্তৃতা অনুষ্ঠান কমতাপুৰ অটোনমাচ কাউঞ্চিলৰ সচিবালয় ভৱনৰ আনুষ্ঠানিক ভাবে মুকলি কমনৱেলথ গেমছত খেলাৰ যোগ্যতা অৰ্জন শিৱসাগৰৰ জীয়ৰী পপী হাজৰিকাই গোৱালপাৰাত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ বিশেষ শিশু আৰক্ষী গোটৰ শুভ উদ্বোধন প্ৰথম খোজতে উন্নত ফলাফল পৰমাইভেটি জাতীয় বিদ্যালয়ৰ স্বামী স্ত্ৰীৰ চিপ লৈ আত্মহত্যা বিশিষ্ট সমাজকৰ্মী প্ৰতাপ বৰদলৈৰ পৰলোক নগাঁওত বন্যাৰ্তক বান সাহায্য বিতৰণ কানহায়ালাল হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব NIAক প্ৰদান কামৰূপ জিলা পথ সুৰক্ষা সমিতিৰ বৈঠক সম্পন্ন

মৃত্যু আহে সংগোপনে, মঙলবাৰৰ পুৱাৰ দৌৰেই হৈ পৰিল শেষবাৰৰ দৌৰ…

Reporter Name
  • Update Time : Tuesday, May 24, 2022
  • 29 Time View

মৃত্যু আহে সংগোপনে৷ কোনে জানে কাৰ মৃত্যু কেতিয়া হ’ব৷ হয়, মৃত্যু সহজ৷ মৃত্যুৱে মানুহক খেদি ফুৰে৷ মৃত্যুৱে সংগোপনে আহি মানুহৰ প্ৰাণ বায়ু কাঢ়ি নিয়ে৷ কিয়নো মৃত্যু চিৰন্তন সত্য৷ এদিন সকলোৱে এই পৃথিৱীৰ পৰা বিদায় ল’ব লাগিব৷ কিন্তু কেতিয়াবা কোনো দুৰ্ঘটনাত অস্বাভাৱিকভাৱে কোনো লোকৰ মৃত্যু হ’লে সেই মৃত্যুৰ ঘটনাক সহজে ল’ব নোৱাৰি৷ যাৰ পৃথিৱীখন চাবলৈ অলেখ সময় আছিল৷ যাৰ অযুত সপোন পূৰণ কৰাৰ আশা আছিল৷ তেনে লোকৰ মৃত্যুত মানুহে ফেকুৰি ফেকুৰি কান্দে৷ বিগত ১৫টা ঘণ্টাত তেনেই এক পৰিবেশ সংঘটিত হৈছে অসম মূলকত৷ বিগত ১৫টা ঘণ্টাত হাজাৰ হাজাৰ লোক হায়ঃ হায়ঃ কৰিছে৷ জীৱন-যৌৱন কি বুজি পাই উঠিছিলহে মাত্ৰ যুৱক কেইজনে৷ কিন্তু নিষ্ঠুৰ নিয়তিয়ে তেওঁলোকক অচিনা দেশলৈ লৈ গ’ল৷ এটা চৰকাৰী চাকৰিৰ বাবে পুৱাই দৌৰিবলৈ ওলাই আহিছিল দৰং জিলাৰ ছিপাঝাৰৰ কেইগৰাকীমান যুৱক৷ কিন্তু মঙলবাৰৰ পুৱাৰ দৌৰে শেষবাৰৰ দৌৰ হৈ পৰিল৷ মৰণফাণ্ড হৈ অহা এখন ট্ৰাকে ৪ যুৱক আৰু এগৰাকী মহিলাৰ প্ৰাণ কাঢ়ি নিয়ে৷ দৰং জিলাৰ ছিপাঝাৰত প্ৰাতঃভ্ৰমণ কৰি থকা অৱস্থাতে দ্ৰুতবেগী ট্ৰাকে ৭ গৰাকী যুৱকক মহতিয়াই নিয়াৰ ফলত ৫ গৰাকীৰ কৰুণ মৃত্যু হয়৷ মৃত যুৱকৰ দেহবোৰ পথৰ কাষত পৰি থকা দৃশ্যই ব্যাথিত কৰি তুলিছে অসমবাসীক৷ দুৰ্ঘটনাত জিণ্টুমণি আহমেদ (১৬), ইন্দাদুল হক (১৬) মাৰৈ বিজুলীবাৰী হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল৷ আনগৰাকী জয়মতী বৰুৱা (৭৫) ছিপাঝাৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়াৰ মামীয়েক৷ ছিপাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ৰেকিব আলী (২১) চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয়৷ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত সংগীতা শৰ্মা ডেকা (৪৩) চিকিৎসালয়ত ভৰ্তি হৈ আছে৷ গুৰুতৰভাৱে আহত চাহিল আখতাৰ (১৬) চিকিৎসাধীন৷ আহত ইজাজুল আহমেদ (১৬) ফাৰুক আহমেদ (১৬) মাৰৈ বিজুলীবাৰী হাইস্কুলৰ পৰা এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ ছাত্ৰ৷ তিনি কিশোৰৰ সপোন নিমিষতে শেষ হৈ পৰে। ছিপাঝাৰত মঙলবাৰে পুৱা অনিয়ন্ত্ৰিত ট্ৰাকৰ খুন্দাত ৫ জন লোকে প্ৰাণ হেৰুৱাই৷ অসম আৰক্ষীত যোগদানৰ বাবে অনুশীলন চলাই থকা জিণ্টুমণি, ইমদাদুল আৰু ৰেকিবে মুহূৰ্ততে মৃত্যুক আকোৱালি লয়। মঙলবাৰে পুৱা প্ৰাতঃভ্ৰমণলৈ ওলাই অহা কেইবাজনো লোকক ছিপাঝাৰৰ ৰাষ্ট্ৰীয় ঘাইপথত মহতিয়াই দ্ৰুতবেগী নিয়ন্ত্ৰনহীন ট্ৰাকে। দুৰ্ঘটনাত নিহতৰ সংখ্যা এতিয়ালৈকে ৫ জনলৈ বৃদ্ধি পাইছে। সংগীতা দেৱী, জয়মতী বৰুৱা, জিণ্টুমণি আহমেদ, ইমদাদুল হক আৰু ৰেকিব আলীৰ মৃত্যু হয়। আনহাতে গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ আছে ৩ জন লোক। এই ঘটনাই সমগ্ৰ অসমবাসীক শোকসাগৰত ডুব গৈছে। অসম আৰক্ষীত যোগদানৰ বাবে অনুশীলন কৰিছিল তিনি বন্ধু জিণ্টুমণি, ইমদাদুল আৰু ৰেকিবে। তিনিওৱে এইবেলি একেলগে মেট্ৰিক পৰীক্ষা দিছিল। পুৱা দৌৰিবলৈ ওলাই গৈছিল ঘৰলৈ উভতাৰ পথতে ট্ৰাকৰ খুন্দাত প্ৰাণ হেৰুৱায় একেলগে৷ সদ্য ঘোষিত অসম আৰক্ষীৰ বিভিন্ন পদৰ পৰীক্ষাই সপোন দেখিবলৈ সাহস দিছিল জিণ্টুমণি, ইমদাদুল আৰু ৰেকিবহঁতক।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে