দিল্লীৰ মুণ্ডকাৰ এটা বাণিজ্যিক ভৱনত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাত মৃত্যুৰ সংখ্যা ২৭ জনলৈ বৃদ্ধি৷ দিল্লীত ভয়াবহ অগ্নিকাণ্ডত এই পৰ্যন্ত ২৭গৰাকী লোকৰ মৃতদেহ উদ্ধাৰ হৈছে যদিও আৰু মৃতদেহ উদ্ধাৰ হোৱাৰ সন্দেহ কৰা হৈছে৷ কমেও ২৭গৰাকী লোক এই পৰ্যন্ত নিহত হৈছে। শুকুৰবাৰে সন্ধিয়া পশ্চিম দিল্লীৰ মেট্ৰ’ ষ্টেচনৰ সমীপৰ অট্টালিকাত অগ্নিকাণ্ড সংঘটিত হয়। অগ্নি নিৰ্বাপক বিভাগে ঘটনাস্থলীলৈ প্ৰায় দুই ডজন অগ্নি নিৰ্বাপক গাড়ী প্ৰেৰণ কৰি অগ্নি নিৰ্বাপণ কৰাৰ প্ৰয়াস কৰে৷ উদ্ধাৰ অভিযানৰ সময়ত হাইড্ৰ’লিক ক্ৰেইনৰ ভিতৰত আৱদ্ধ লোকসকলক উলিয়াই নিয়াৰ সময়ত এগৰাকী মহিলা নিহত হয়। আবেলি প্ৰায় ৪.৪০ বজাত এই বিষয়ে খবৰ পোৱাৰ পিছত ২৪ খন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীলৈ ততাতৈয়াকৈ প্ৰেৰণ কৰে অগ্নি নিৰ্বাপক বিভাগে। মেট্ৰ’ ষ্টেচনৰ ৫৪৪ নম্বৰৰ স্তম্ভৰ ওচৰৰ অট্টালিকাত জুই লাগে নিৰ্বাপিত কৰাৰ চেষ্টা কৰা হয় যদিও ২৭গৰাকী লোকে প্ৰাণ হেৰুৱাই৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মৃতকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কে্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা ২ লাখ দিয়াৰ ঘোষণা কৰে৷
আবেলি ৪.৪৫ বজাত এটা বাণিজ্যিক ভৱনত জুই লগাৰ তথ্য লাভ কৰাত অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মচাৰীক লৈ স্থানীয় আৰক্ষী আৰু অগ্নি নিৰ্বাপক বিভাগ বাহনৰ সৈতে ঘটনাস্থলীত উপস্থিত হয়। প্ৰথমে উদ্ধাৰকাৰীয়ে কিছু লোকক বচাবলৈ ভৱনৰ কাঁচ ভাঙি আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে। ভৱনটোৰ প্ৰথম মহলাত জুই লাগে৷ য’ত চিচিটিভি কেমেৰা আৰু ৰাউটাৰ নিৰ্মাণৰ কোম্পানী আছিল। আৰক্ষীয়ে কোম্পানীৰ মালিকক জিম্মাত লৈছে। কিন্তু জুই নুমুৱাৰ পিছতে নিশা ধ্বংস হোৱা অট্টালিকাৰ পৰা ২৭টা মৃতদেহ উলিয়াই অনা হৈছিল৷ অৱশ্যে ভৱনটোৰ তৃতীয় মহলাত অনুসন্ধানৰ কাম এতিয়াও চলি আছে। অধিক মৃতদেহ উদ্ধাৰৰ সম্ভাৱনা আছে৷
উল্লেখ্য যে, শুকুৰবাৰে সন্ধিয়া পশ্চিম দিল্লীৰ মুণ্ডকা মেট্ৰ’ ষ্টেচনৰ ওচৰৰ এটা বাণিজ্যিক ভৱনত জুই লগাৰ পূৰ্বে এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছিল৷ কিন্তু জুই নুমুৱাৰ পিছতে মৃতদেহসমূহ উদ্ধাৰ হয়৷ আৰক্ষীয়ে ভৱনটোৰ পৰা ৬০-৭০ জন লোকক উলিয়াই আনিবলৈ সক্ষম হয়। বৰ্তমানেও কোনো লোক আৱদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে৷