কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ দোতমা শিক্ষাখণ্ডৰ অন্তৰ্গত ৯১৮নং কুমগুৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বেৰ্লাও বাৰ্থাও ব্ৰহ্মক অচিনাক্ত দুৰ্ষ্কৃতিকাৰীয়ে যোৱা ৯ মাৰ্চত অতি নৃশংসভাৱে হত্যা কৰাৰ পিছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল৷ আৰক্ষীয়ে অপৰাধীক ধৰিবলৈ তদন্ত আৰম্ভ কৰিছিল আৰু অৱশেষত আজি কোকৰাঝাৰ আৰক্ষীয়ে ৬ জন দুৰ্ষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। লক্ষণীয়ভাৱে ইয়াৰ দুজন অভিযুক্ত প্ৰাক্তন এনডিএফবিৰ সদস্য বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে। অভিজিৎ সেন, অসীম পণ্ডিত, গৌৰৱ সৰকাৰ, জাংখ্ৰীখান নাৰ্জাৰী ওৰফে জনেশ, প্ৰেমজিৎ বসুমতাৰী আৰু বিনয় ব্ৰহ্ম আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ। আনহাতে ঘটনাৰ অন্যতম অভিযুক্ত প্ৰবাল দৈমাৰী সম্প্ৰতি পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে। অভিযুক্তৰ ভিতৰত প্ৰবাল দৈমাৰী আৰু জাংখ্ৰীখান নাৰ্জাৰী ওৰফে জনেশ প্ৰাক্তন এনডিএফবিৰ সদস্য। শিক্ষক হত্যাকাণ্ডৰ পিছতে কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক প্ৰতীক বিজয় থুবেৰ নিৰ্দেশনাত কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰে অতি কম সময়ৰ ভিতৰতে সাতজন অভিযুক্তক চিনাক্ত কৰে আৰু ইয়াৰে ছজনক আটক কৰিবলৈ সক্ষম হয়। অৱশ্যে অভিযুক্ত প্ৰবাল দৈমাৰী নামৰ প্ৰাক্তন এনডিএফবিৰ সদস্যজন সম্প্ৰতি পলাতক অৱস্থাত আছে। জিলা আৰক্ষী অধীক্ষক প্ৰতীক বিজয় থুবেই সদৰি কৰা মতে অতি শীঘ্ৰেই পলাতক অভিযুক্ত প্ৰবাল দৈমাৰীক আটক কৰা হব আৰু যথাসম্ভৱ কম সময়ৰ ভিতৰতে চাৰ্জচিট দাখিল কৰা হ’ব।
কিয় হত্যা কৰিছিল শিক্ষকজনক?
কোকৰাঝাৰ জিলাৰ দোতমা শিক্ষাখণ্ডৰ অন্তৰ্গত ৯১৮নং কুমগুৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বেৰ্লাও বাৰ্থাও ব্ৰহ্মক অতি নৃশংসভাৱে হত্যা কৰাৰ আঁৰৰ কাৰণ সম্পূৰ্ণৰূপে পোহৰলৈ আনিবলৈ সক্ষম হৈছে আৰক্ষী। একমাত্ৰ টকাৰ লোভত দুৰ্ষ্কৃতিকাৰীৰ দলটোৱে শিক্ষকগৰাকীক হত্যা কৰিছিল। আৰক্ষীৰ তদন্তত প্ৰকাশ পোৱা মতে অভিযুক্ত প্ৰবাল দৈমাৰী, জাংখ্ৰীখান নাৰ্জাৰী ওৰফে জনেশ আৰু বিনয় ব্ৰহ্মই শিক্ষকগৰাকীৰ তিনকোনা বাসভৱনৰ পৰাই ৯ মাৰ্চত অপহৰণ কৰিছিল। শিক্ষকগৰাকীৰ বাসভৱনতে দুৰ্ষ্কৃতিকাৰীৰ দলটোৱে ভাবুকিৰে বেংকৰ চেক বহী হস্তগত কৰিছিল আৰু দুটা চেকবহীৰ পাতত চহী লৈছিল। তাৰ পিছত দুৰ্ষ্কৃতিকাৰীৰ দলটোৱে ৯ মাৰ্চৰ নিশাই শিক্ষকগৰাকীক হত্যা কৰিছিল আৰু ১০ মাৰ্চৰ পুৱা কোকৰাঝাৰ ষ্টেট বেংক অৱ ইণ্ডিয়াৰ কৰ্টপাৰা শাখাৰ পৰা পাঁচলাখ টকা চেকযোগে উঠাই লৈছিল। আৰক্ষীয়ে সমগ্ৰ ঘটনা ক্ষিপ্ৰতাৰে তদন্ত কৰি বেংকৰ চিচিটিভি ফুটেজত বন্দী হোৱা টকা উঠোৱা চাৰি দুৰ্ষ্কৃতিকাৰী অভিজিৎ সেন, জাংখ্ৰীখান নাৰ্জাৰী ওৰফে জনেশক, প্ৰবাল দৈমাৰী আৰু বিনয় ব্ৰহ্মক চিনাক্ত কৰিবলৈ সক্ষম হয় আৰু সেইমতে প্ৰবাল দৈমাৰীৰ বাহিৰে আন তিনিজনক গ্ৰেপ্তাৰ কৰে আৰু গৌৰৱ সৰকাৰ আৰু প্ৰেমজিৎ বসুমতাৰীকো গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে পলাতক প্ৰবাল দৈমাৰীৰ ঘৰৰ পৰা এক লাখ ৫০ হাজাৰ টকা জব্দ কৰিবলৈ সক্ষম হৈছে। অকল টকাৰ লোভতে ঘৰৰ পৰা অপহৰণ কৰি নি কৃতী শিক্ষক বেৰ্লাও বাৰ্থাও ব্ৰহ্মক নৃশংসভাৱে হত্যা কৰি মাগুৰমাৰীৰ নিকটৰ চেচাপানীৰ শালবাগানক মৃতদেহ পেলাই থোৱাৰ ঘটনা সম্প্ৰতি পোহৰলৈ অহাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে, শিক্ষকগৰাকীক হাত ভৰি বন্ধা, মূৰৰ পিছফালে ঘপিয়াই আৰু গুপ্তাংগত আঘাত কৰি দুৰ্ষ্কৃতিকাৰীয়ে অতি নৃশংসভাৱে হত্যা কৰিছিল। আনহাতে জিলা আৰক্ষী অধীক্ষক প্ৰতীক বিজয় থুবেই সদৰি কৰা মতে কোকৰাঝাৰ সদৰ থানাত ৰজু হোৱা গোচৰ নং ১২৩/২০০২ মৰ্মে অভিযুক্ত ছগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে আৰু আন এগৰাকী পলাতক অৱস্থাত আছে যদিও অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ব বুলি দাবী কৰিছে।