March 22, 2023, 1:15 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

মূল্য বৃদ্ধি ৰোধ কৰাৰ দাবীত ৰাজ্যপালক স্মাৰক গ্ৰামীণ শ্ৰমিক সন্থাৰ

Reporter Name
  • Update Time : Sunday, April 3, 2022
  • 117 Time View

জয়ন্ত মুদৈ, বেবেজীয়াঃ সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাই নগাঁও জিলা উপায়ুক্তৰ জৰিয়তে শনিবাৰে অসমৰ ৰাজ্যপাললৈ এখন ন-দফীয়া স্মাৰক পত্ৰ প্ৰদান কৰে। সন্থাৰ নগাঁও জিলা সমিতিৰ সভাপতি ইচব আলী আৰু সম্পাদক স্বপন হাজৰিকাই স্মাৰক পত্ৰখনিত ঔষধ, বিদ্যুৎ মাচুল আৰু ইন্ধনকে ধৰি সকলো নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰা, কৃষি শ্ৰমিকৰ নূন্যতম মজুৰি ৫০০ টকালৈ বৃদ্ধি কৰা, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৰেচন কাৰ্ড নথকা প্রতিটো পৰিয়ালক ৰেচন কাৰ্ড প্ৰদান কৰা, ৰেচনত ডাইল, মিঠাতেল, চেনি, কণী আৰু গাখীৰৰ যোগান ধৰা, উচ্ছেদিত পৰিয়ালকসমূহক সংস্থাপনৰ ব্যৱস্থা কৰা, গৰাখহনীয়া, গোষ্ঠী সংঘৰ্ষত ভূমিহীন হোৱা আৰু চৰকাৰী সংজ্ঞা অনুসৰি ভূমিহীন পৰিয়াল সমূহক ভূমি আৰু পট্টা প্ৰদান কৰা, প্রধান মন্ত্রী আৱাস যোজনাৰ হিতাধিকাৰীৰ তালিকা প্রতিটো পঞ্চায়ত কাৰ্য্যালয়ত ৰাজহুৱাকৈ প্ৰদৰ্শন কৰা, দৰিদ্ৰ সীমাৰেখাৰ তলৰ প্রতিটো পৰিয়ালৰ ১৫০ ইউনিট বিদ্যুত মাচুল ৰেহাই দিয়া আৰু উজ্বলা গেছ চিলিণ্ডাৰৰ মুল্য আধা কৰা, মাইক্র’ফাইনেন্সৰ ঋণ মুক্তিৰ প্র-পত্র শীঘ্ৰে প্রদান কৰা আৰু ঋণ মুক্ত কোনো মহিলাৰ একাউণ্ট এনপিএ নহয় তাক নিশ্চিত কৰাৰ দাবী উত্থাপন কৰিছে সন্থাটোয়ে৷ এই দাবীসমূহ অতি শীঘ্ৰে ৰূপায়ন নকৰিলে সন্থাই গ্ৰামাঞ্চলত আন্দোলনৰ কাৰ্য্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি বিবৃতিত জৰিয়তে জানিবলৈ দিছে৷ এই স্মাৰক পত্ৰ প্ৰদান কৰা সজাঁতি দলটোত সভাপতি, সম্পাদকৰ লগতে নেতা মাধব চন্দ্ৰ বৰা আৰু কেন্দ্ৰীয় নেত্রী আয়েফা বেগমে অংশগ্ৰহণ কৰে৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে