March 29, 2023, 2:05 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰুপথাৰত আছুৰ প্ৰতিবাদ

Reporter Name
  • Update Time : Friday, July 3, 2020
  • 153 Time View

সৰুপথাৰঃ গোলাঘাট জিলাৰ সৰুপথাৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৱে ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী। বিজেপি চৰকাৰ গ’ বেক, পেট্ৰ’লিয়াম মন্ত্ৰী গ’ বেক ধ্বনিৰে মুখৰিত কৰি তোলে সৰুপথাৰ নগৰৰ মাজমজিয়া। লগতে পেট্ৰ’লিয়াম মন্ত্ৰী আৰু যোগান মন্ত্ৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। পেট্ৰ’লজাত সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ পৰিপেক্ষিতত ধনশিৰি মহকুমা ছাত্ৰ সন্থাই হাতত লয় এই প্ৰতিবাদী কাৰ্যসূচী। আজি সৰুপথাৰ নগৰৰ মাজমজিয়াত কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ পুত্তলিকাও দাহ কৰে ধনশিৰি মহকুমা ছাত্ৰ সন্থাই। শীঘ্ৰেই পেট্ৰ’ল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাসৰ দাবী জনায় আছুৱে। ধনশিৰি মহকুমা ছাত্ৰ সন্থাই কয় যে পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিয়ে বেয়াকৈ ক্ষতি কৰিছে সাধাৰণ কৃষকক। খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ লগতে ডিজেলৰ মূল্য বৃদ্ধিয়ে কৃষি কৰ্মতো বিৰূপ প্ৰভাৱ পেলোৱাৰ অভিযোগ ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ। উল্লেখ্য যে বিগত দিনকেইটাত ধাৰাবাহিকভাৱে পেট্ৰ’ল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰী অত্যাধিক মূল্যবৃদ্ধিৰ ফলত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে সাধাৰণ নাগৰিক।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে