তিনিচুকীয়াঃ মূল্যবৃদ্ধিৰ বিৰুদ্ধে বুধবাৰে তিনিচুকীয়াৰ মাকুমত মাকুম আঞ্চলিক ছাত্ৰ সস্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
ছাত্ৰ সংগঠনটোৱে ৩৭ আৰু ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি অসম চৰকাৰৰ যোগান বিভাগৰ মন্ত্ৰী ফণীভূষন চৌধুৰী আৰু কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি শীঘ্ৰেই এনে অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ মূল্য হ্ৰাস কৰিবলৈ চৰকাৰক দাবী জনায়।
লকডাউনৰ বাবে ৰাইজ জুৰুলা হৈ পৰাৰ মাজতেই ৰাজ্যত প্ৰতিদিনে পেট্ৰ’ল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ মূল্যবৃদ্ধিক অতি দুৰ্ভাগ্যজনক আখ্যা দিয়ে ছাত্ৰ সংগঠনটোেৱ। শীঘ্ৰে ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ মূল্যবৃদ্ধি ৰোধ কৰিবলৈকো দাবী জনায় প্ৰতিবাদকাৰীসকলে।