নুমলীগড়ঃ উজনিৰ নুমলীগড়ত আজিও বনৰীয়া হাতীৰ জাকৰ তাণ্ডৱ অব্যাহত আছে৷ তাৰ মাজতে সোমবাৰে নিশা নুমলীগড়ৰ মুৰফুলনীত সমবায় দোকান এখন ভাঙি লণ্ড-ভণ্ড কৰিলে হাতীৰ জাকে। ক’ৰোনাকালত বন্যহস্তীৰ সন্ত্ৰাসৰ ফলত নুমলীগড়ৰ মুৰফুলনীবাসীয়ে এতিয়া ত্ৰাহি ত্ৰাহি কৰিছে৷ নিশা মুৰফুলনীৰ পুৰণিমাটিৰ ডিম্ব দত্ত নামৰ লোকজনৰ সমবায় সমিতিৰ দোকান ঘৰ ভাঙি অনিষ্ট সাধন কৰে।
কেইবাদিনো উক্ত অঞ্চলত বন্যহস্তীয়ে সন্ত্ৰাস চলাই আহিছে যদিও বনবিভাগে ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাবী জনাইছে। নিতৌ ঘৰ-দুৱাৰ ভাঙি অনিষ্ট সাধন কৰিছে হাতীয়ে। বনৰীয়া হাতীয়ে এফালৰ পৰা ভাঙিছে ঘৰ, নামঘৰ, ক্লাৱঘৰ। নামবৰ আৰু বিজুলী বনাঞ্চলৰ পৰা নামি অহা বনৰীয়া হাতীয়ে আজি কেইবাদিন ধৰি মুৰফুলনীৰ গাঁওসমূহত বহু লোকৰ ঘৰ-দুৱাৰ ভাঙি অনিষ্ট সাধন কৰি আহিছে।