মুৰফুলনীঃ জগতগৰু শ্ৰীমন্ত শংকৰদেৱৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ গোলাঘাট জিলাৰ মৰঙী মৌজাৰ অন্তৰ্গত ফলঙনিত ২৭টা চাহ জনগোষ্ঠীয় পৰিয়ালে একেলগে গ্ৰহণ কৰিলে নৱ বৈষ্ণৱ ধৰ্ম। যি সময়ত সমাজত ধৰ্মীয় গোড়ামীয়ে তীব্ৰ ৰূপ ধাৰণ কৰিছে, এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে, সেই সময়ত ফলঙনিৰ কুৰ্মীবস্তি গাঁৱৰ এই চাহ জনগোষ্ঠীয় পৰিয়াল কেইটাই মহাপুৰুষজনাৰ শ্ৰীচৰণত শৰণ লোৱা কাৰ্যই এক শুভ বাৰ্তা কঢ়িয়াইছে সমাজৰ মাজলৈ।
দেওবাৰে কুৰ্মীবস্তি গাঁৱৰ ২৭টা চাহ জনজাতি সম্প্ৰদায়ৰ পৰিয়ালে মুৰফুলনীৰ শ্ৰী শ্ৰী পুৰণিমাটি আহতগুৰি সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী বেণীমাধৱ দেৱগোস্বামীৰ ওচৰত শৰণ লয়। গুৰুজনাৰ কৃষ্টি-সংস্কৃতিৰ প্ৰতি আগ্ৰহী পৰিয়াল কেইটাই ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে সমাজৰ বাবে এক আদৰ্শৰ সৃষ্টি কৰিব বিচাৰে বুলি মন্তব্য কৰে।