March 29, 2023, 1:00 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

মুম্বাইত অসুস্থ সাংসদ বদৰুদ্দিন আজমল, কৰ’নাত আক্ৰান্ত হোৱাৰ সন্দেহ!

ষ্টাফ ৰিপ'ৰ্টাৰ
  • Update Time : Friday, July 10, 2020
  • 125 Time View

গুৱাহাটীঃ মুম্বাইত চিকিৎসাধীন হৈ আছে ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ তথা এআইইউডিএফৰ সৰ্বেসৰ্বা বদৰুদ্দিন আজমল। লকডাউন আৰম্ভ হোৱাৰে পূৰ্বে হোজাইত কিছুদিন থকাৰ পিছতে সংসদৰ অধিৱেশনৰ বাবে নতুন দিল্লীলৈ ৰাওনা হৈছিল সাংসদগৰাকী। কিন্তু অসুস্থতাৰ বাবে সংসদৰ অধিৱেশনত ভাগ নলৈ তেওঁ দিল্লীৰ পৰা মুম্বাইলৈ উৰা মাৰে।

মুম্বাইত উপস্থিত হোৱাৰ কিছুদিন পিছতে কিছু পৰিমাণে অসুস্থ হৈ পৰে বদৰুদ্দিন আজমল। লগে লগে তেওঁ চিকিৎসকৰ কাষ চাপে। সম্প্ৰতি তেওঁ কিছু পৰিমাণে সুস্থ হোৱা বুলি এটি সূত্ৰই জনাইছে যদিও বৰ্তমানো চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে।

ইফালে, আন এটা সূত্ৰই কৰ’না ৰোগীৰে ভৰি পৰা মুম্বাইত চিকিৎসাধীন হৈ থকা অসমৰ সাংসদগৰাকীও ক’ভিড-১৯ সদৃশ ৰোগত আক্ৰান্ত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে। সাংসদগৰাকীৰ ভাতৃ চিৰাজুদ্দিন আজমলো চিকিৎসাধীন হৈ থকা বুলি সূত্ৰটোৱে সদৰী কৰিছে।

অৱশ্যে সাংসদগৰাকী আৰু তেওঁৰ ভাতৃ প্ৰকৃততে কি ৰোগত আক্ৰান্ত হৈ আছে সেয়া এই পৰ্যন্ত স্পষ্টকৈ জানিব পৰা হোৱা নাই। স্কাই নিউজ অসমৰ তৰফৰ পৰা এআইইউডিএফৰ কেবাগৰাকী শীৰ্ষ নেতৃত্বৰ সৈতে যোগাযোগ কৰাত তেওঁলোকে সাংসদগৰাকী অসুস্থ হৈ পৰিলেও স্বাস্থ্যৰ অৱনতি ঘটা নাই বুলি জনাইছে।

সেয়া হ’লেও সাংসদগৰাকী চিকিৎসাধীন হৈ থকাৰ বাতৰি লাভ কৰি উদ্বিগ্ন হৈ পৰিছে এইআইইডিএফ দলৰ কৰ্মকৰ্তাসকলৰ লগতে আজমলৰ হাজাৰ হাজাৰ অনুৰাগী। ছ’চিয়েল মিডিয়াত অনুৰাগীসকলে কৰ’নাময় হৈ পৰা মুম্বাইত থকা সাংসদগৰাকীক যাতে কোনো কাৰণতে ভাইৰাছবিধে সংক্ৰমিত কৰিব নোৱাৰে তাৰ বাবে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনোৱাও দেখা গৈছে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে