বলিউদৰ বহু তাৰকা দম্পতিয়ে এইবাৰ প্ৰথমবাৰ শহুৰৰ ঘৰত হোলী উদাযাপন কৰা দেখা গৈছে। প্ৰথম হোলী মৌনী ৰয়ে স্বামী সুৰজ নাম্বিয়াৰৰ সৈতে উদযাপন কৰা এখন ফটো শ্বেয়াৰ কৰিছে। আনহাতে কেটৰিনা কাঈফে ইনষ্টাগ্ৰামত শহুৰেকৰ ঘৰত হোলী উদযাপন কৰা এখন ফটো পোষ্ট কৰিছে। ফটোখনত, কেটৰিনা কাঈফৰ মুখ ৰঙেৰে ভৰি থকা দেখা গৈছে। ফটোখনত বিকি কৌশল, ভাতৃ ছানী কৌশল আৰু পিতৃ-মাতৃকো দেখা গৈছে। ফটোখনৰ পৰা বুজিব পাৰি যে পৰিয়ালটোৱে হোলী ভালদৰে উদযাপন কৰিছে।
কেটৰিনা কাঈফে হোলীৰ ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি লিখিছে, হেপ্পী হোলী। এই ফটোখন সামাজিক মাধ্যমত বহু চৰ্চিত হৈছে আৰু বহু মন্তব্যও দিছে। বিকি কৌশলে তেওঁৰ ইনষ্টাগ্ৰামত হেপ্পী হোলী লিখা এখন ফটোও শ্বেয়াৰ কৰিছে। এনেদৰে বিকি আৰু কেটৰিনাই তেওঁলোকৰ প্ৰথম হোলী অতি সৰল ভাৱে উদযাপন কৰিছে। বিকি কৌশল আৰু কেটৰিনা কাইফে যোৱা বছৰ ৯ ডিচেম্বৰত ৰাজস্থানত বিবাহ পাশত আৱদ্ধ হৈছিল।