মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অসম ৰাজ্যিক মহাকাশ প্ৰায়োগিক কেন্দ্ৰৰ বিশেষ বৈঠক অনুষ্ঠিত হয়৷ দিছপুৰত অনুষ্ঠিত বৈঠকত মন্ত্ৰী কেশৱ মহন্ত, যোগেন মহন, পীয়ুষ হাজৰিকা উপস্থিত থাকে৷ বৈঠকত ৰাজ্য চৰকাৰে প্ৰায়োগিক মহাকাশ বিজ্ঞানৰ সহায়ত ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰণালীক অধিক কাৰ্যক্ষম তথা ফলপ্ৰসূ কৰি তুলিবলৈ আলোচনা কৰে৷ এই বিষয়ত ইতিমধ্যে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে। বৈঠকত অসম ৰাজ্যিক মহাকাশ প্ৰায়োগিক কেন্দ্ৰৰ সঞ্চালক পি.এল.এন ৰাজুও উপস্থিত থাকে৷ বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু জলবায়ু পৰিবৰ্তন বিভাগৰ বিষয়া তথা ৰাজ্যিক মহাকাশ প্ৰায়োগিক কেন্দ্ৰৰ বিষয়াৰ এটা দলে যুগুতোৱা প্ৰকল্প পৰিকল্পনাৰ অগ্ৰগতি পৰ্যালোচনা কৰা হয়। ৰাজ্যিক মহাকাশ প্ৰায়োগিক কেন্দ্ৰই বানপানীৰ সময়ত জলাধাৰ হিচাপে ব্যৱহাৰ কৰিবলৈ আৰ্দ্ৰভূমি, হ্ৰদ আদিৰ চিনাক্তকৰণ আৰু পুনৰুজ্জীৱিতকৰণত গুৰুত্ব দি এই প্ৰকল্প পৰিকল্পনাৰ প্ৰস্তুত কৰিছে বুলি কয় মন্ত্ৰী কেশৱ মহন্তই। বৈঠকত অসমৰ নদী বিশেষে পৰিলক্ষিত হোৱা পলসৰ আচৰণৰ কথা বিবেচনা কৰি পলসমুক্ত বানপ্ৰৱণ এলেকাসমূহত পাইলট ভিত্তিত এই প্ৰকল্প আৰম্ভ কৰাত মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে।