কোকৰাঝাৰঃ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাংগঠনিক সম্পাদক, কোকৰাঝাৰ জিলা ছাত্র সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা কালিপুখুৰী কাকোৰমাৰী নিবাসী গৌতম ৰায় (৫৫) দীর্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত অৱশেষত কালি বিয়লি ইহসংসাৰ ত্যাগ কৰে। অসম আন্দোলনৰ অগ্ৰণী নেতা তথা ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ একালৰ সংগ্ৰামী সতীৰ্থ গৌতম ৰায়ৰ মৃত্যুৰ বাতৰি বিয়লি পৰাৰ লগে লগে অজস্ৰ গুণমুগ্ধই বাসভৱনত ভিৰ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।
আজি গৌতম ৰায়ৰ শেষকৃত্য অনুষ্ঠান সম্পন্ন কৰা হয়। শেষকৃত্য অনুষ্ঠানৰ পূৰ্বে মৃতকক শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে কোকৰাঝাৰ জিলা আছু, আক্ৰাছু সহিতে আন কেবাটাও দল-সংগঠনৰ প্ৰতিনিধিয়ে। অসম আন্দোলনৰ অগ্ৰণী নেতা প্ৰয়াত গৌতম ৰায়ৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথে। এক বাৰ্তাত আছুৰ সভাপতি দীপাংক কুমাৰ নাথে কয় যে গৌতম ৰায়ৰ অকাল মৃত্যু সমাজ আৰু সংগঠনৰ বাবে এক অপুৰণীয় ক্ষতি বুলি মন্তব্য কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে মৃতকৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছে।
আছুৰ প্ৰাক্তন সভাপতি শংকৰ প্ৰসাদ ৰায়ে মৃতকৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰি আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰি গৌতম ৰায়ে দুৰ্যোগপূৰ্ণ মুহূৰ্ততো অসমীয়া জাতীয়তাবাদৰ পতাকাখন দৃঢ়ভাৱে ধৰি ৰাখিছিল বুলি মত প্ৰকাশ কৰে। আক্ৰাছুৰ মুখ্য উপদেষ্টা হিতেশ্বৰ বৰ্মন, আছুৰ সহকাৰী সাধাৰণ সম্পাদক নৱজ্যোতি ৰায়, আছুৰ প্ৰাক্তন কাৰ্যনিৰ্বাহক নজমুল হক, আছুৰ প্ৰাক্তন বিত্ত সম্পাদক উদয় বসুমতাৰী আদিকে ধৰি আন কেবাগৰাকী বিশিষ্ট ব্যাক্তিয়ে প্ৰয়াত গৌতম ৰায়ৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।
ইয়াৰোপৰি বিটিচিৰ ১২নং ছালাকাটি পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী দেৰহাছাৎ বসুমতাৰীয়ে প্ৰয়াত গৌতম ৰায় এগৰাকী বিশিষ্ট সমাজসেৱক আৰু প্ৰগতিশীল মনৰ ব্যক্তি আছিল বুলি মন্তব্য কৰি মৃতকৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। মৃত্যুৰ পূৰ্বে গৌতম ৰায়ে পত্নী, এগৰাকী কন্যা আৰু এগৰাকী পুত্ৰ সন্তানৰ লগতে অজস্ৰ গুণমুগ্ধত ইহসংসাৰত এৰি থৈ যায়।