চাবুৱাঃ আহিনৰ বানৰ কৱলত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালাৰ গৃহ পঞ্চায়ত৷ নিশা হঠাতে ডুব গৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালাৰ গৃহ পঞ্চায়ত বিন্ধাকটা পঞ্চায়তৰ কেইবাখনো গাঁও৷ বৰষুণ নোহোৱাকৈ হঠাতে ফেনে-ফোটোকাৰে মহাবাহু ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বাঢ়ি অহাত হাহাকাৰ লাগে কেইবা শ লোকৰ মাজত। চাবুৱাৰ কেইবাখনো গাঁৱৰ বহু পৰিয়ালৰ ঘৰ-দুৱাৰ প্লাবিত হৈ পৰাত নিশা ব্যাপক শনিবাৰে নিশা আলাই-আথানিৰ সন্মুখীন হয়৷ চাবুৱাৰ এটা এলেকা সাগৰ সদৃশ হৈ পৰাত খেতি পথাৰ ডুব যায়। চাবুৱাৰ বিন্ধাকটা পঞ্চায়তত নিশাৰ ভিতৰতে ব্ৰহ্মপুত্ৰৰ পানী ফেনে ফোটোকাৰে বৃদ্ধি পোৱাত অঞ্চলটোৰ ৰাইজৰ মাজত হাহাকাৰ পৰিবেশৰ সৃষ্টি হয়। বৰষুণ নোহোৱাকৈ নিশাটোৰ ভিতৰতে বান পানীয়ে বহু কৃষকৰ সেউজীয়া খেতিপথাৰ নিমিষতে শেষ কৰি পেলাই। বহু পৰিয়ালৰ ঘৰৰ ভিতৰত একাঠু পৰ্যন্ত পানী জমা হয়।
চাবুৱাৰ টেঙাবাৰী, মিৰিগাঁও, দধিয়া, ৰাইডাং, ৰংমলা আদি গাঁৱৰ ৰাইজৰ বহিঃজগতৰ সৈতে যোগাযোগ কৰাত একপ্ৰকাৰৰ অসম্ভৱ হৈ পৰিছে৷ পানীৰ সোঁত ইমানেই বেছি যে নাঁৱেৰে যোৱাটো একপ্ৰকাৰৰ অসম্ভৱ হৈ পৰিছে। তেনে সময়তেই বানবিধ্বস্ত বৃহত্তৰ অঞ্চলৰ ৰাইজক এই বিপদৰ সময়ত সহায় কৰিবলৈ নিজৰ জীৱনৰ তুচ্ছ জ্ঞান কৰি টুলুঙা নাৱেৰে যাত্ৰা কৰা দেখা গল বিজেপিৰ যুৱ মৰ্চাৰ পানীতোলা মণ্ডলৰ সভাপতি ৰন্তু শইকীয়াক।
বিধায়ক বিনোদ হাজৰিকাৰ নিৰ্দেশত ব্ৰহ্মপুত্ৰৰ প্ৰৱল সোঁতকো নেওচি ৰন্তু শইকীয়াই অঞ্চলটোৰ বান পীড়িত ৰাইজৰ জীয়া বাস্তৱ চবিখন পৰিদৰ্শন কৰি ৰাইজৰ দুখ-দুৰ্দশাৰ কথা বিধায়কগৰাকীৰ জৰিয়তে প্ৰশাসনক অৱগত কৰে৷