গুৱাহাটীঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজ গৃহ জিলাৰ গৰাখহনীয়া ৰোধত ব্যৰ্থ হোৱা বুলি খবৰ প্ৰকাশ হৈ থকাৰ সময়তে গৃহ জিলাৰ গৰাখহনীয়া ৰোধৰ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ সোণোৱালৰ গৃহ জিলা ডিব্ৰুগড়ৰ মোহনঘাটৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে তাৎক্ষণিক ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিয়ে জলসম্পদ বিভাগক৷
মুখ্যমন্ত্ৰী সোণোৱালে উক্ত স্থানৰ ৰাইজক আস্থাত লৈ খহনীয়া ৰোধৰ পদক্ষেপ লোৱাৰ নিৰ্দেশ দিয়ে৷ জনসাধৰণক সুৰক্ষিত কৰিবলৈ খহনীয়া প্ৰতিৰোধৰ সকলো সামগ্ৰী মজুতকৰণ কৰি সংশ্লিষ্ট কৰ্তৃপক্ষক সময়সূচী মতে দায়িত্ব পালনৰ নিৰ্দেশ দিয়ে৷