পঙ্কজ নাথঃ কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ আলিপূবত আজি তিনিগৰাকী হজযাত্ৰীক সম্বৰ্ধনা জনাই মুখ্যমন্ত্ৰীক। জালুকবাৰী সমষ্টিৰ বিধায়ক তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ব্যক্তিগত সহায়ক প্ৰাণজিৎ ডেকাই আগডলা গাওঁ পঞ্চায়তৰ অন্তৰ্গত আলিপূবৰ নজিৰ আলী, হাচিনা বেগম আৰু মেহেৰুণ নেচাক সম্বৰ্ধনা জনায়। মুখ্যমন্ত্ৰীৰ হকে ডেকাই পবিত্ৰ মক্কালৈ হজ কৰিবৰ বাবে যাবলগীয়া তিনিগৰাকী ব্যক্তিক সম্বৰ্ধনা ৰূপে গামোচা, বস্ত্ৰ আৰু আৰ্থিক অনুদান আগবঢ়ায়। হজযাত্ৰী হৈ যাবলগীয়া জালুকবাৰী সমষ্টিটোৰ প্ৰায় ২৪গৰাকী ব্যক্তিক সম্বৰ্ধনা জনোৱা হ’ব।