যোৰহাটঃ ৰাজ্যৰ বিভিন্ন জিলাত প্ৰলয়ংকৰী বানপানীয়ে দুৰ্বিসহ পৰিবেশৰ সৃষ্টি কৰাৰ সময়তে অসম কৃষি বিশ্ববিদ্যালয়ে বানাক্ৰান্তক সকাহ দিয়াৰ বাবে আজি মুখ্যমন্ত্ৰীৰ সাহায্য পুজিলৈ ৪৪,৮৯,৭৯৪ টকাৰ অনুদান আগবঢ়ায়। আজি দিছপুৰৰ জনতা ভৱনত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ বিদ্যুত চন্দন ডেকাই অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হাতত এই ধনৰাশিৰ চেক প্ৰদান কৰে। এই কাৰ্যসূচীত বিশ্ববিদ্যালয়ৰ খানাপাৰাস্থিত যুটীয়া পঞ্জীয়ক ড০ বীৰেন্দ্ৰ কুমাৰ শৰ্মা আৰু পশু চিকিৎসা বিজ্ঞানগুৰু ড০ বিবেকানন্দ শইকীয়াও উপস্থিত থাকে। চেক গ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসম কৃষি বিশ্ববিদ্যালয়ৰ এই পদক্ষেপক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনায়। উল্লেখ্য যে অসম কৃষি বিশ্ববিদ্যালয়ৰ শিক্ষক-বিষয়া আৰু কৰ্মচাৰীৰ এদিনৰ দৰমহাৰ পৰা এই ধনৰাশি মুখ্যমন্ত্ৰীৰ বান সাহায্য পুঁজিলৈ আগবঢ়োৱা হয়।