মাজুলীঃ জাতি মাটি ভেটি আৰু পৰিৱৰ্তনৰ সপোন দেখুৱাই দিছপুৰ দখল কৰা ৰাজ্যৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ কাৰ্য্যকালত ভিতৰুৱা অঞ্চলৰ ৰাইজৰ প্ৰকৃততে কিমান উন্নতি হৈছে সেয়া মাজুলী লখিমপুৰৰ সীমামূৰিয়া অঞ্চলসমূহেই জ্বলন্ত প্ৰমাণ ৷
মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলীৰ সিমান্তবৰ্তী লক্ষীমপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত লুইত খাবলুৰ বালিগাঁও,নগৰ গাওঁ,জামুকিয়াল, লক্ষীমপুৰ, কলামৰা, মানিক চাপৰিকে ২৮ খন গাঁৱৰ ৰাইজৰ সুুুুবিধাৰ বাবে গাঁৱৰ যুৱক , মহিলা , গাঁঁৱৰ ৰাইজে নিৰ্মাণ কৰিলে বাঁঁহৰ দলং ৷
আনহাতে বাৰম্বাৰ লখিমপুৰ সমষ্টিৰ বিধায়ক উৎপল দত্তক গাৱৰ ৰাইজে বহুবাৰ এই স্থানত এখন স্থায়ী দলং নিৰ্মাণৰ বাবে অনুৰোধ কৰাৰ পিছতো আজি পৰ্যন্ত দলং টো নহলেই বিধায়কৰ ছাাঁ টোকে দেখি পাবলৈ নাই বুলি সচেতন মহলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ কেৱ নিৰ্বাচনৰ সময়ত। ভোট বিচাৰি অহা প্ৰতিনিধিক সৰ্তক কৰি দিছে ২৮ খন গাৱঁৰ বাসিন্দাই ৷
আটাইতকৈ গুৰুতৰ কথাটো হল এই সিমামুৰিয়া অঞ্চলৰ লোক সকলৰ স্বাস্থ্য,শিক্ষা , বজাৰ, সমাৰ , বেপাৰ বানিৰ্জকে ধৰি প্ৰায় সকলো ক্ষেত্ৰত মাজুলীৰ লগত সম্পৰ্ক ৷ কিন্ত এই সুতিটোৰ ওপৰত এখন দলং নথকাৰ বাবেই দীৰ্ঘদিনৰ পৰা যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভোগিছে বালিগাঁও, নগৰ গাওঁ, জামুকিয়াল, লক্ষীমপুৰ, কলামৰা, মানিক চাপৰিকে ধৰি ২৮ খন গাঁৱৰ বাসিন্দাই ৷
আজি এটা সপ্তাহে গাঁৱৰ ৰাইজে গাঠিৰ ধন খৰছ কৰি বাঁহ কিনি পুৰুষ-মহিলা সকলোৱে মিলি বিধায়ক বা কোনো জন প্ৰতিনলৈ বাট নাছাই লুইত খাবলু অঞ্চলৰ ৰাইজে নিজেই নিৰ্মাণ কৰিলে ২০০ মিটাৰ দৈৰ্ঘ্য্যৰ বাঁহৰ দলংখন৷