ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰীয়ে বাঘ হাজৰিকাৰ অস্তিত্ব নসাৎ কৰিলেও ইতিহাসত বাঘ হাজৰিকাৰ অস্তিত্বৰ কথা স্বীকাৰ কৰিলে বিধায়ক ৰমাকান্ত দেউৰীয়ে৷ বাঘ হাজৰিকাৰ প্ৰসংগত এতিয়া মুখ্যমন্ত্ৰীৰ বিপৰীত স্থিতিত বিধায়ক ৰমাকান্ত দেউৰী৷ ৰমাকান্ত দেউৰীয়ে কয়, ” মোগলক খেদিবৰ কাৰণে বাঘ হাজৰিকাই আহোম সেনাৰ সৈতে একেলগে যুদ্ধ কৰিছিল৷ এই কথা ইতিহাসে ৰিঙিয়াই থৈ গৈছে৷ বাঘ হাজৰিকাই মোগলক খেদিবৰ কাৰণে লাচিতৰ সৈতে যুদ্ধত আগভাগ লৈছিল৷ মুখ্যমন্ত্ৰীয়ে বেলেগ অৰ্থত ক’ব পাৰে৷ মোগলৰ সৈতে যুদ্ধৰ সময়ত মধ্য অসমৰ পৰা লাচিত বৰফুকনে ১৩ হাজাৰ সৈন্য বিচাৰিছিল৷ আমাৰ ৰজাই ১৩ হাজাৰ সৈন্য দিছিল৷ সেই কথা বুৰঞ্জীত উল্লেখ নাই৷ বাঘ হাজৰিকাৰ অস্তিত্ব বুৰঞ্জীৰ পৰা নোহোৱা হৈ গৈছে যদিও সেই সয়মত বাঘ হাজৰিকাৰ অস্তিত্ব আছিল৷” ইতিপূৰ্বে মুখ্যমন্ত্ৰীয়ে বাঘ হাজৰিকাৰ অস্তিত্ব নসাৎ কৰি কৈছিল যে বাঘ হাজৰিকা বুলি কোনো চৰিত্ৰ শৰাইঘাটৰ যুদ্ধত নাছিল৷ বাঘ হাজৰিকা কোনখন ইতিহাসৰ পৰা আহিলে৷ কোনেও আজিলৈকে অসমত প্ৰশ্ন কৰা নাছিলে৷ বেণুধৰ শৰ্মাৰ বুৰঞ্জীৰ পাত বিচাৰিছিলো, সূৰ্য কুমাৰ ভূঞাৰ বুৰঞ্জীৰ পাত বিচাৰিছিলো৷ কিন্তু ক’তো বাঘ হাজৰিকাৰ উল্লেখ নাই৷ সূৰ্যকুমাৰ ভূঞাই এটা জনশ্ৰুতি কয় বুলি কৈছিল৷ ইয়াৰ কোনো প্ৰামান্য তথ্য নাই৷ বুৰঞ্জীত নৰ হাজৰিকাৰ কথাহে আছে৷ বাঘ হাজৰিকাৰ কথা নাই লাচিতৰ লগত যুদ্ধ কৰা৷