নলবাৰী জিলা প্ৰশাসন আৰু বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ সহযোগত মুকালমুৱাত আজি অসম মাইক্ৰ ফাইনেন্স উদগনি আৰু ৰেহাই আঁচনিৰ চেক বিতৰণ কৰা হয়। বৰক্ষেত্ৰী মিনি ষ্টেডিয়ামত অনুষ্ঠিত কাৰ্যসূচীত বৰক্ষেত্ৰীৰ ৩৭৬৩গৰাকী মাইক্ৰ ফাইনেন্সৰ পৰা ঋণ লৈ নিয়মীয়াভাৱে পৰিশোধ কৰা মহিলাক চেক প্ৰদান কৰে। কাৰ্যসূচীত সাংসদ কুইন ওজা উপস্থিত থাকি মহিলাসকলক মাইক্ৰ ফাইনেন্সৰ ঋণ লৈ নিয়মিতভাৱে পৰিশোধ কৰে। ঋণত পোত গৈ থকা মহিলাসকলক সকাহ দিয়াৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আঁচনি গ্ৰহণ কৰি মহিলাসকলক আত্মনিৰ্ভৰশীল হৈ নিয়মিতভাৱে ঋণ পৰিশোধ কৰিবলৈ আহ্বান কৰে সাংসদ কুইন ওজাই। কাৰ্যসূচীত বিধায়ক দিগন্ত বৰ্মণ, নলবাৰী জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকা, বৰক্ষেত্ৰী খণ্ড উন্নয়ন বিষয়া প্ৰকাশ বৰ্মণ। পৌৰ সভা নিৰ্বাচনক লৈও সাংসদ কুইন ওজাই মন্তব্য প্ৰকাশ কৰি কয় যে পৌৰসভা নিৰ্বাচনত নলবাৰীৰ চাৰিগৰাকী বিজেপি মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰাৰ লগতে সমগ্ৰ ৰাজ্যৰ বিভিন্ন স্থানত বহুকেইজন বিজেপি মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থীয়ে জয়লাভ কৰিছে। উন্নয়নৰ স্বাৰ্থত পৌৰ সভায়ে নহয় প্ৰতিটো নিৰ্বাচনত বিজেপিয়ে জয়লাভ কৰিব বুলি কয় সাংসদগৰাকীয়ে। ইপিনে নলবাৰী জিলাৰ নলবাৰী সমষ্টিৰ ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ উন্নয়ন খণ্ডৰ ২ হাজাৰ ৫৯৪গৰাকী মহিলাক উদ্গনিমূলক সাহায্যৰ চেক প্ৰদান কৰা হয়৷ দুপৰীয়া নলবাৰী জিলা প্ৰশাসন আৰু বড়িগোগ বনভাগ উন্নয়ন খণ্ডৰ সহযোগত ঘগ্ৰাপাৰ হৰিমন্দিৰ প্ৰাংগণত অনুষ্ঠিত চেক বিতৰণ অনুষ্ঠানত উপস্থিত থাকি নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই হিতাধিকাৰীৰ মাজত চেক বিতৰণ কৰে। সভাত নলবাৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ড০ জয়ন্ত কুমাৰ গোস্বামী, বড়িগোগ বনভাগ উন্নয়ন খণ্ড উন্নয়ন বিষয়া নৰেন্দ্ৰ কুমাৰ তালুকদাৰ, বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা, ঘগ্ৰাপাৰ ৰাজহ চক্ৰ বিষয়া মণিষা কলিতাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷